ঘৰৰ পৰাই বিদেশক প্ৰতিনিধিত্ব কৰিছে

0 250

নিজে মনে বিচৰা অথবা ভালপোৱা কাম কৰিলে বোলে সফলতাৰ লগতে আনন্দ ও পোৱা যায়। আচলতে একোটা কামৰ সফলতা নিৰ্দ্ধাৰণ কৰে, সেই কামটো আপুনি কিমান মনোযোগেৰে, কিমান একাগ্ৰতাৰে অথবা কিমান দৃঢ়তাৰে কৰিছে। অৱশ্যে এই সকলোবোৰৰ অন্তৰালত এই শব্দই সংযুক্ত হৈ আছে, সেয়া হ’ল বিশ্বাস।

WhatsApp Image 2017-12-26 at 7.37.30 PM

আজি যাৰ বিষয়ে লিখিবলৈ লৈছো, তেখেতৰ লগত কথা পাতোতে এই শব্দ খিনিয়ে মনত ক্ৰিয়া কৰিছিল। প্ৰিয় পাঠক, বিভিন্ন সময়ত nefocus.com য়ে সফল উদ্যমী কাহিনী আপোনালোকলৈ আগবঢ়ায় আহিছে। আজি এনে এটা প্ৰয়াসেৰে আগবঢ়ালো, এগৰাকী মহিলা উদ্যমীৰ সফলতাৰ গাঁথা । আহকচোন লেখাৰ মাজলৈ যাওঁ। মহানগৰীৰ এয়াৰ পৰ্টৰ সমীপৱৰ্তী বঙৰা কোচপাৰাৰ এগৰাকী মহিলা। তেখেতৰ নাম নিজু দাস। তেখেতে প্ৰস্তুত কৰা কাপোৰ বিদেশত চাহিদা বাঢ়িছে। ঘৰৰ পৰা চলাই গৈছে বয়ন শিল্পৰ ব্যৱসায়। উল্লেখ্যযোগ্য যে পলাশবাৰী অঞ্চলত নিজু দাসৰ অময়াচল বয়ন শিল্প বুলি ক’লে চিনি নোপোৱা মানুহ নোলাব। সেয়েহে নিজু দাসক অপোনালোকক পৰিচয় কৰি দিব লৈছো। 

WhatsApp Image 2017-12-26 at 7.36.29 PM

এটা সময়ত হাতত যদিও মহিলা গৰাকীৰ টকা নাছিল, বিভিন্ন গোটৰ পৰা ধাৰ ঋণ কৰিয়েই ব্যৱয়ায় আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত তেখেতৰ ব্যৱসায় খুব ভালদৰে চলা নাছিল। পিছে তেখেতে হতাশ হোৱা নাছিল। এই সম্পৰ্কে নিজু দাসে এইদৰে কয় – ঘৰৰ সম্পূৰ্ণ সহযোগিতাত উদ্যোগটো আৰম্ভ কৰিছিলো। প্ৰথম অৱস্থাত ব্যৱসায়টো লাভ হোৱা নাছিল, কিদৰে আগবঢ়ায় নিম, একো তত্ ধৰিব পৰা নাছিলো। এদিন কাঁহিকুচি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যোস্না বৰুৱা বাইদেউক লগ পাওঁ, আৰু বাইদেউৰ পৰামৰ্শ ক্ৰমে মই বিভিন্ন এক্স’প যোগদান কৰো। তাৰ পিছত বিভিন্ন অৰ্ডাৰ পাওঁ। এয়াই আৰম্ভণী আছিল। তাৰ পিছৰ পৰা ব্যৱসায়টো খুব ভালদৰে চলি আছে। ২০০ গৰাকী মহিলাক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হ’লো। আচলতে এই বয়ন শিল্পৰ ব্যৱসায়টো বাছি লোৱাৰ দুটা কাৰণ হ’ল সৰুৰে পৰা অৰ্থাৎ জনা হোৱাৰে পৰা মই বোৱা, কটা কৰি ভাল পাইছিলো। দ্বিতীয়তে, মহিলা বিলাকক সংস্থাপন দিয়াৰ এটা হাবিয়াস আছিল।

WhatsApp Image 2017-12-26 at 7.38.27 PM

স্মৰ্তব্য যে, অময়াচল বয়ন শিল্প নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে এৰিৰ চাদৰ, মেখেলা, কুৰ্টা, জেকেট, শ্বল আদিবোৰ প্ৰস্তুত হয়। প্ৰতিবছৰে আমেৰিকা, লণ্ডন, গুজৰাটৰ বহু প্ৰবাসী অসমীয়াই নিজু দাসৰ কাপোৰ ক্ৰয় কৰে। বয়ন শিল্পৰ জৰিয়তে স্বাৱলম্বী হোৱা নিজু দাসৰ কৰ্মই বহুকেইগৰাকীক অনুপ্ৰাণিত কৰিছে। আমিও এই আপাহত nefocus.com ফালৰ পৰা জনাইছোঁ বহু শুভকামনা।

Leave A Reply

Your email address will not be published.