অলপতে হায়দৰাবাদত অনুষ্ঠিত ৪১ তম সৰ্বভাৰতীয় জনসম্পৰ্কৰক্ষী সমাজৰ গুৱাহাটী অধ্যায়ক দুটা বঁটাৰে সৰ্বশ্ৰেষ্ঠ প্ৰচাৰ আৰু সৰ্বশ্ৰেষ্ঠ অনুষ্ঠানৰ বাবে বঁটা প্ৰদান কৰে।তেলেংগনা চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰীনিবাস গৌৰ পৰা,পি আৰ এছ আইৰ ৰাষ্ট্ৰীয় সভাপতি ড০ অজিত পাঠক আৰু পি এছ আৰ আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ নিগমসমূহক প্ৰতিনিধিত্ব কৰা ৩০০ তকৈও অধিক প্ৰতিনিধিৰ উপস্থিতিত পি আৰ এছ আই গুৱাহাটীৰ অধ্যক্ষ মধুচন্দা অধিকাৰী আৰু পি আৰ এছ আইৰ পূৱ প্ৰান্তৰ ভি পি এম এছ মজুমদাৰে এই বঁটা গ্ৰহণ কৰে।উল্লেখ্য যে গুৱাহাটী অধ্যায়ৰ কাৰ্যক্ৰমৰ খতিয়ানসহ জনসম্পৰ্ক তথা নিগম যোগাযোগৰ বিষয়ত শিক্ষামূলক বুদ্ধিদীপ্ত নিবন্ধযুক্ত বছৰেকীয়া গ্ৰন্থ চেভেন চিষ্টাৰ্ছে সৰ্বশ্ৰেষ্ঠ অধ্যায় প্ৰচাৰ পত্ৰিকাৰ বঁটা লাভ কৰে।আনহাতে,গুৱাহাটীত ৩১ আগষ্ট,২০১৬ ত অনুষ্ঠিত গুৱাহাটী অধ্যায়ৰ প্ৰমূখ পৰ্ব নৰ্থ ইষ্ট পি আৰ সমাৰোহৰ চতুৰ্থ খণ্ডই সৰ্বশ্ৰেষ্ঠ অধ্যায় কাৰ্যক্ৰমৰ সন্মান লাভ কৰে।সমগ্ৰ দেশজুৰি ২৫ টা অধ্যায়সহ ১৯৫৮ চনত গঠিত হোৱা পি আৰ এছ আই হৈছে জনসম্পৰ্কৰক্ষী তথা নিগম যোগাযোগৰ পেছাদাৰী ব্যক্তিসকলৰ শীৰ্ষতম সংস্থা।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত