এন আৰ এলৰ উদ্যোগত ২ফেব্ৰুৱাৰী শিলচৰ চহৰত সক্ষম ৱাকাথন অনুষ্ঠিত হয়।এই ৱাকাথনত ৫০০ৰো অধিক লোকে অংশ গ্ৰহণ কৰে। পে’ট্ৰলিয়াম উৎপাদন সমূহৰ সংৰক্ষণৰ ওপৰত সমাজৰ বিভিন্ন বৰ্গৰ লোকসকলৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দেশৰ ৬২৪ চহৰৰ লগতে শিলচৰ চহৰতো এই ৱাকাথন অনুষ্ঠিত হয় ।ৱাকাথনৰ আৰম্ভণিতে এন আৰ এলৰ জ্যেষ্ঠ চি জি এম নিকুঞ্জ বৰঠাকুৰে সকলো অতিথিক আদৰণি জনায়।ইয়াৰ পিছত সক্ষম সংকল্প গ্ৰহণ কৰে।এন আৰ এলৰ মধুচন্দা অধিকাৰীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত শিলচৰ বিধান সভা সমষ্টিৰ বিধায়ক দিলীপ কুমাৰ পালে ইন্ধন সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায়।আনহাতে কাছাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী শৰ্মাই খোজ কঢ়াৰ সুফলৰ সম্পৰ্কে মন্তব্য কৰে।উল্লেখযোগ্য যে১৬ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাষ্ট্ৰজুৰি এই অভিযান চলি আছে ।আজিৰ ৱাকাথনত মধুমিতা শৰ্মা,মানবেন্দ্ৰ দেৱ ৰায়, কনাদ পুৰকায়স্থ আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS