এন আৰ এলৰ উদ্যোগত ২ফেব্ৰুৱাৰী শিলচৰ চহৰত সক্ষম ৱাকাথন অনুষ্ঠিত হয়।এই ৱাকাথনত ৫০০ৰো অধিক লোকে অংশ গ্ৰহণ কৰে। পে’ট্ৰলিয়াম উৎপাদন সমূহৰ সংৰক্ষণৰ ওপৰত সমাজৰ বিভিন্ন বৰ্গৰ লোকসকলৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দেশৰ ৬২৪ চহৰৰ লগতে শিলচৰ চহৰতো এই ৱাকাথন অনুষ্ঠিত হয় ।ৱাকাথনৰ আৰম্ভণিতে এন আৰ এলৰ জ্যেষ্ঠ চি জি এম নিকুঞ্জ বৰঠাকুৰে সকলো অতিথিক আদৰণি জনায়।ইয়াৰ পিছত সক্ষম সংকল্প গ্ৰহণ কৰে।এন আৰ এলৰ মধুচন্দা অধিকাৰীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত শিলচৰ বিধান সভা সমষ্টিৰ বিধায়ক দিলীপ কুমাৰ পালে ইন্ধন সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায়।আনহাতে কাছাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী শৰ্মাই খোজ কঢ়াৰ সুফলৰ সম্পৰ্কে মন্তব্য কৰে।উল্লেখযোগ্য যে১৬ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাষ্ট্ৰজুৰি এই অভিযান চলি আছে ।আজিৰ ৱাকাথনত মধুমিতা শৰ্মা,মানবেন্দ্ৰ দেৱ ৰায়, কনাদ পুৰকায়স্থ আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers