এন আৰ এলৰ ম`বাইল ডিছপেন্সি,ফটঞ্জৰ শুভাৰম্ভ

0 187

প্ৰথমে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়াৰ নীতিত বিশ্বাসী এন আৰ এল এ এতিয়া পদূলিয়ে পদূলিয়ে ডিজেল যোগান ধৰাৰ কাৰ্যক্ৰমত নাম পৰিছে,যিটো উত্তৰ-পূব ভাৰতত তেনে সেৱা আগবঢ়োৱা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰথম তেল কোম্পানী।আজি গুৱাহাটীত অনুষ্ঠিত হোৱা এক শুভাৰম্ভ অনুষ্ঠানত এন আৰ এল ৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই আনুষ্ঠানিক ভাৱে এন আৰ এল’ৰ ম’বাইল ডিছপেন্সিঙ ভেহিক’লৰ ফ্ৰিট ফটঞ্জৰ শুভাৰম্ভ কৰে। শুভাৰম্ভ লগতে এমডিভিৰ বাবে গ্ৰাহকৰ পঞ্জীয়নো চলাই নিয়া হয় আৰু পঞ্জীয়ন প্ৰমাণ পত্ৰ সমূহ এন আৰ এল’ৰ মহাপ্ৰৱন্ধক শ্ৰী সুব্ৰত দাসৰ দ্বাৰা হস্তান্তৰ কৰা হয়।
শুভাৰম্ভ অনুষ্ঠানত সম্বোধন কৰি পৰিচালন সঞ্চালক এছ কে বৰুৱাই উল্লেখ কৰে যে এন আৰ এলৰ কাৰণে গ্ৰাহকৰ সন্তুষ্টিয়েই হৈছে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় আৰু এমডিভি আৰম্ভণি হৈছে সেই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।তেওঁ কয় যে এমডিভিৰ আৰম্ভণিয়ে এন আৰ এলক ইয়াৰ গ্ৰাহক সকলক গুণগত মান আৰু পৰিমাণৰ আশ্বাস প্ৰদান কৰাত সহায় কৰিব।
সঠিক সময় গণনা নিৰীক্ষণৰ বাবে এমডিভি সমূহ অ’টো টেংক গ’জিং ছেন্সৰ লগতে ৬ কিলো লিটাৰ ক্ষমতাত টেংকেজৰ সৈতে ফিট কৰা হৈছে।তাৰোপৰি এমডিভি সমূহ সঠিক সময় উলিওৱা আৰু নিয়ন্ত্ৰণ সুনিশ্চিত কৰিবলৈ সেই বিলাকক জিপিএছ আৰু জিঅ লকৰ স’তে কণ্টলাৰৰ সৈতে ৰেট্ৰোফিটেড কৰা হৈছে যিয়ে অপাৰেচন আৱশ্যকতাৰ তীব্ৰ গতি পৰিবৰ্তনৰ বাবে বায়ুৰ আপডেটতো সমৰ্থন কৰিব।
প্ৰথম স্তৰত এন আৰ এল এ তেনেকুৱা দুটা ম’বাইল ডিছপেন্সিঙ ভেহিক’ল প্ৰবৰ্তন কৰিব যিয়ে চাহ বাগিচা,ম’বাইল টাৱাৰ অপাৰেটিং কোম্পানী,কৃষি খণ্ড আদিৰ দৰে খণ্ডৰ গ্ৰহকক উপকৃত কৰিব। পৰৱৰ্তী সময়ত এন আৰ এল এ তেনেকুৱা অধিক এমডিভি প্ৰৱৰ্তনৰ পৰিকল্পনা হাতত লৈছে।

Leave A Reply

Your email address will not be published.