ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ তদাৰকততাত আৰু গুৱাহাটী গ্ৰুপৰ অধীনৰ ৩০ আসাম ইঞ্জিনিয়াৰিং এন চি চি কোম্পানীৰ উদ্যোগত ৰঙিয়াস্থিত জবাহৰ নবোদয় বিদ্যালয় চৌহদত ২৯ মে’ৰ পৰা বাৰদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্স লীডাৰশ্বিপ কেম্প।অহা ৯ জুনত সামৰণি পৰিবলগীয়া শিবিৰত অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ উপৰিও পশ্চিমবংগ ,বিহাৰ আৰু ঝাৰখণ্ডৰ এন চি চিৰ স্থল, নৌ আৰু বায়ু সেনাৰ ৩০০ ৰো অধিক কেডেটে ভাগ লৈছে । আনহাতে ২৯ মে’ত আৰম্ভ হোৱাৰ দিনাই শিবিৰ পৰিদৰ্শন কৰি কেডেট আৰু প্ৰশিক্ষক বিষয়া সকলৰ সৈতে মত- বিনিম়য় কৰে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এদিজি) মেজৰ জেনেৰেল গগনদ্বীপ সিঙে । মেজৰ জেনেৰেল সিঙে কেডেট সকলেৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত তেওঁ শিবিৰৰ লক্ষ্য, উদেশ্যৰ ওপৰত আলোকপাত কৰে আৰু নিষ্ঠাৰে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ দীনাৰ দীঘে ,৩০ আসাম ইঞ্জিনিয়াৰিং এন চি চি কোম্পানীৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল পৱন কুমাৰকে ধৰি কেবাজনো সেনা বিষয়া , এচোছিয়েট এন চি চি বিষয়া ( এ এন অ ) উপস্থিত থাকে । উল্লেখ্য যে শিবিৰত কেডেট সকলক ৰাইফল চালনা,পেৰেড , যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল,বাধা বিঘিনী অতিক্ৰম কৰি শত্ৰুৰ নিদিষ্ট লক্ষ্যত আঘাট কৰা,দৌৰ,শাৰীৰিক অনুশীলন ,ক্ৰচ কান্ত্ৰী, সাংস্কৃতিক বিনিম়য় ,ব্যক্তিত্ব বিকাশ, আদি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
Trending
- সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ দিল্লীৰ সৰ্বভাৰতীয় সংস্থাৰ বিশেষ বঁটা
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন সম্পন্ন
- সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা এজন ব্যক্তিৰ কথাৰে
- ঢকুৱাখনাৰ এজন প্ৰতিভাধৰ বিস্ময় বালক-১১বছৰ বয়সতে ভক্তি ৰসেৰে আৰ্জিছে সুনাম
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন অনুষ্ঠিত
- ঢকুৱাখনাৰ বি এড কলেজৰ ৰূপালী জয়ন্তী প্ৰস্তুতি তুংগত
- গোলাঘাটত নিৰ্মীয়মান আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন উদ্যোগ মন্ত্রী বিমল বড়াৰ
- Ford Hospital brings renowned Orthopaedic surgeon to Guwahati
- ব্ৰহ্মপুত্ৰৰ বলুকা চিৰ সেউজ কৰি তুলিছে মঞ্জিত পাতিৰে
- শিল্পী অৰুণ দাসৰ স্বাস্হ্যৰ বুজ ল’লে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াই