ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ বায়ু শাখাৰ অতি সন্মানীয় শিবিৰ হিচাপে স্বীকৃতি লাভ কৰা এয়াৰফৰ্চ এটাছমেণ্ট শিবিৰত উত্তৰ পূব মণ্ডলৰ কেবাখনো ৰাজ্যৰ পৰা ছিনিয়ৰ ডিভিজনৰ ১২ জন কেডেট নিৰ্বাচিত হৈছিল। এই নিৰ্বাচিত কেডেট সকলৰ বাবে এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰণ এন চি চি ইউনিটৰ উদ্যোগত বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনা ষ্টেছনত ২৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত বাৰদিনীয়া শিবিৰৰ ৬ অক্টোবৰত সামৰণি পৰে। ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ এইছ উপাধ্যায়ৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ভাৰতীয় বায়ু সেনাৰ বিষয়া সকলে কেডেট সকলক যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল , মেপ ৰিডিং, বন্দুক চালনা, পেৰা ট্ৰূপিং, ড্ৰিল , শাৰীৰিক অনুশীলন, এৰো মডেলিং, পেৰা গ্লাইদিং, পেৰাছুটিং , আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। তেনেদৰে দেশৰ সশস্ৰ বাহিনী সমূহত কিদৰে ভৰ্তি হৈ দেশমাতৃক সেৱা কৰিব পাৰি তাৰো প্ৰশিক্ষণ দিয়া হয় । আনকি কেডেট সকলক হেলিকপ্টাৰ , যুদ্ধ বিমান আদিৰ সহায়ত যুদ্ধৰ সময়ত শত্ৰুৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সমুহৰ বিষয়েও প্ৰশিক্ষণ দিয়া হৈছিল।
Trending
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই