ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী চমুকৈ এন জি ডি আৰ এছৰ অসমত ৰূপায়ন সন্দৰ্ভত অধ্যয়ন কৰিবলৈ গুজৰাট চৰকাৰৰ পঞ্জীকৰণ বিভাগৰ ছজনীয়া বিষয়াৰ এটি দল যোৱা ২৬ মে’ত ৰাজ্যখনত উপস্থিত হয়। গুজৰাট চৰকাৰৰ এই ছজনীয়া চৰকাৰী বিষয়াৰ দলটোত আছিল আৰ ডি ভট্ট, বি এছ বাৰাড, সন্দীপ ছাৱানী , মহেন্দ্ৰ চৌধুৰী , সতীশ কলাথিয়া আৰু হাৰ্দিক পেটেল। গুজৰাট চৰকাৰৰ ছজনীয়া বিষয়াৰ প্ৰতিনিধি দলটোৱে যোৱা ২৯ মে’ত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাক সৌজন্যমূলক সাক্ষাৎ কৰি অসমৰ সৈতে সম্পৰ্ক ৰাখি গুজৰাটত ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীও উপস্থিত আছিল। ইয়াৰ পূৰ্বে গুজৰাটৰ ছজনীয়া চৰকাৰী বিষয়াৰ দলটোৱে ক্ৰমে কামৰূপ মহানগৰ আৰু আমিনগাঁওস্থিত কামৰূপৰ উপ-পঞ্জীয়ন কাৰ্যালয়ৰ লগতে জ্যেষ্ঠ উপ-পঞ্জীয়নৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালীৰ কাম-কাজ প্ৰত্যক্ষভাৱে তদাৰক কৰে। তদুপৰি অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু এন আই চি ৰ পৰা গুজৰাট চৰকাৰৰ বিষয়াৰ দলটোক অসমত এন জি ডি আৰ এছ ৰূপায়ন সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰদৰ্শন কৰা হয়। ইপিনে, পাঁচ দিনীয়া চৰকাৰী অধ্যয়ন সামৰি সংশ্লিষ্ট ছজনীয়া বিষয়াৰ দলটোৱে আজি অসম এৰি গুজৰাট অভিমুখে ৰাওনা হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে চলিত বৰ্ষৰ যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ তদানীন্তন সচিব নীতিন খাড়েৰ উপস্থিতত অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়নৰ শুভাৰম্ভ কৰা হৈছিল।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS