এৰী, মুগা, পাট পলু পালনেৰে স্বাৱলম্বী হৈছে ঢকুৱাখনাৰ মহিলা

0 543

সম্প্ৰতি দেশৰ লগতে বিদেশতো অসমৰ সোণালী সুতাৰ কাপোৰৰ চাহিদা বৃদ্ধি পাইছে ।ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ একাংশ লোকে মুগা, পলু পালন বৃত্তি হিচাপে গ্ৰহণ কৰিছে।এক সমীক্ষাত পোৱা তথ্য অনুসৰি ঢকুৱাখনাৰ প্ৰায় ১০হাজাৰো অধিক পৰিয়ালে সম্প্ৰতি এনে বৃত্তিৰ লগত জৰিত হৈ পৰিছে ।চেনি, এৰি, নুনি গছ ৰোপন কৰি মুগা, এৰি, নুনি গছত মুগা, এৰি, পাট পলু পালন কৰিছে।কেৱল পালন কৰায়ে নহয় তেওঁলোকে নানান ধৰণৰ বস্ত্ৰ উৎপাদন কৰি বজাৰত বিক্ৰী কৰাৰ কথা জানিব পৰা গৈছে ।উল্লেখযোগ্য যে পূৰ্বৰ তুলনাত মহিলা মুগা পালকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।সেয়েহে একাংশ মহিলা এনে বৃত্তিৰ যোগেদি আৰ্থিক ভাৱে স্বাৱলম্বী হৈ পৰিছে ।ফটো-বিচিত্ৰ গগৈ.. 

Leave A Reply

Your email address will not be published.