কালিলৈ বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপিত হ’ব

0 273

কালিলৈ মহানগৰীৰ কেবাখনো চিকিৎসা প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব বিশ্ব উচ্চ ৰক্তচাপ দিৱস।দ্যা হাৰ্ট সহৃদয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা দিৱসত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিব।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত দ্যা হাৰ্ট সহৃদয় গোষ্ঠীৰ ডাক্টৰ চন্দন মোদকে কয় যে মাত্ৰাধিক উদ্বিগ্নতাই উচ্চ ৰক্তচাপৰ অন্যতম কাৰক।এই দিৱস পালনৰ যোগেদি মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰয়াস কৰা হ’ব ।আজিৰ সংবাদ মেলত জি এম চিৰ চিকিৎসক ডাক্টৰ প্ৰণৱ জ্যোতি ভট্টাচাৰ্য, দিছপুৰ হাস্পিতালৰ হৃদৰোগ বিভাগৰ চিকিৎসক চন্দন মোদক আৰু ডাক্টৰ বনজিত চৌধুৰী উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.