কাব্য গ্ৰন্থ মনৰ সুৰভি উন্মোচন

0 256

সুদীৰ্ঘ বাৰ বছৰ সময় ধৰি নিয়মীয়াকৈ প্ৰকাশ পাই অহা ‘জোনাক’ নামৰ সাহিত্য সংস্কৃতিমূলক আলোচনীখনৰ বসন্ত সম্ভাৰ পৰিপুৰিকা “জোনাক সুৰভি” আৰু বিশিষ্ট কবি যাদৱ কলিতাৰ কাব্য গ্ৰন্থ “মনৰ সুৰভি” যোৱা কালি গুৱাহাটী প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন  হয়। উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। ‘জোনাক সুৰভী’ আৰু ‘মনৰ সুৰভী’ উন্মোচন কৰি ড০ পৰমানন্দ ৰাজবংশীয়ে ভাষণত কয় যে গ্ৰন্থ এখনৰ জন্ম মানে ভগৱানৰ সান্নিধ্য পোৱা কথা। অসমীয়া সাহিত্যৰ প্ৰসাৰতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় তেওঁ কয় যে যোৱা তিনি মাহত প্ৰতিদিন গঢ় হিচাপত সোতৰ খন পুঠি উন্মোচিত হৈ আহিছে। ভাষণ প্ৰসঙ্গত ‘জোনাক’ নামৰ আলোচনীখন অসমীয়া ভাষা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লয়। ড০ ৰাজবংশীয়ে বন্তি প্ৰজ্বলন আৰু ৰুমী দেৱীয়ে সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবি সাহিত্যিক, পঢ়ুৱৈ, অনুৰাগীসকল উপস্থিত থাকে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকাই নিজৰ ৰসাল ভাষণ দাঙি ধৰি উপস্থিত দৰ্শকক হাহিৰ খোৰাক যোগায়। অনুষ্ঠানটোত বিশিষ্ট অতিথি তথা নিয়মীয়াবাৰ্তা কাকতখনৰ জ্যেষ্ঠ উপ সাম্পাদক ড০ গিতালী শইকীয়াই উপস্থিত থাকি কয় যে কাব্য চৰ্চা চিন্তা সাধনালব্ধ জ্ঞানৰ সমাহাৰৰ দ্বাৰাহে সম্ভৱ। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি, অনুবাদক, সাহিত্যিক অশ্বিনী বেজবৰুৱাই নিজৰ বক্তব্যত অসমীয়া ভাষাৰ শব্দৰে লালিত্যৰ ওপৰত জোৰ দিয়ে। ‘জোনাক’ৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁতধৰা অনুষ্ঠানত ‘জোনাক’ৰ উদ্যোগত ইতিমধ্যে আয়োজিত হৈ যোৱা স্বৰচিত কবিতা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত কবিসকলক মানপত্ৰ, কিতাপৰ টোপোলা আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উন্মোচিত কাব্যপুঠি ‘মনৰ সুৰভি’ ৰ জন্মদাতা যাদৱ কলিতাই বক্তব্য দাঙি ধৰে। অনুষ্ঠানত ‘জোনাক’ৰ বসন্ত সম্ভাৰ ‘জোনাক সুৰভি’ৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদক ক্ৰমে ৰাজকমল কলিতা আৰু নৱ ডেকাই বসন্ত সম্ভাৰখনৰ সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত কম্পীমণি কলিতা আৰু অমলজ্যোতি কুমাৰে গীত পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে.. 

Leave A Reply

Your email address will not be published.