চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰিভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখন গাঁওৰ মহিলা – যুৱতী সকল স্বভাৱগত ভাবে একো একোজন নিপুণ শিপিনী। তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ প্ৰয়োজনীয় বা লাগতিয়াল কাপোৰ আদি ঘৰত তাতশাল বোৱে। কিছসংখ্যকে সেই কাপোৰ বজাৰত বিক্ৰী কৰি আৰ্থিক ভাবে কিছু সকাহ লাভ কৰিও আহিছে। কিন্তু তেওঁলোকৰ দক্ষতাৰ সদ্বব্যৱহাৰ কৰি অঞ্চলটোৰ মহিলা শিপিনী সকলক তাতশালত নতুন প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগৰে কিদৰে আৰ্থিক ভাবে স্বাবলম্বি কৰিব পাৰি সেই বিষয়ে বহুদিনৰ পৰা চিন্তা – চৰ্চা কৰি অহা হৈছিল। অবশেষত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯৮৮ বৰ্ষত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সমাজৰ উপেক্ষিত লোকসকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা,উন্নয়নৰ হকে ২০১৩ – ১৪ চনত গঠন কৰা এ ই চি ক্লাছ ১৯৮৮ ফাউণ্ডেশ্যন নামৰ ন্যাসটো আগবাঢ়ি আহিছে মাৰঙা অঞ্চলটোৰ শিপিনী মহিলা – যুৱতী সকলৰ উন্নয়নৰ বাবে।ন্যাসৰ পৰিচালন ন্যাসৰক্ষী গৌতম পাটোৱালি,ন্যাসৰক্ষীত্ৰয় দীপক কুমাৰ শৰ্মা , কুল কমল ৰয় আৰু নৱ বৰদলৈৰ সৈতে তেওঁৰ পূৰ্বৰ বন্ধুত্বৰ বাবে অঞ্চলটোৰ মহিলা – যুৱতী সকলৰ তাতশালৰ জৰিয়তে উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰা হয়। সেই অনুসৰি জুলাই মাহত উদ্যোমী মহিলা এলিছ মাজঙৰ। এটা মুকলি ঘৰত স্থাপন কৰা হয় সকলো ধৰণৰ ফুল তোলাৰ সুবিধা থকা চাৰিখনকৈ জেকাৰ মেচিনযুক্ত আধুনিক উন্নতমানৰ তাতশাল। তাত ৩১ জুলাইৰ পৰা ৩১ আগষ্টলৈকে প্ৰথম পৰ্যায়ত ১২ জনী মহিলা – যুৱতীক ন্যাসৰ ফালৰ পৰা এমাহৰ বিশেষ প্ৰশিক্ষণ দিয়া হয় । ন্যাসৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে কামৰূপ জিলাৰ ছয়গাঁওৰ মনোজ ঠাকুৰীয়া নামৰ তাতশালৰ এজন দক্ষ প্ৰশিক্ষকে।ইতিমধ্যে এমাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা ১২ জনী মহিলাক ন্যাসৰ ফালৰ পৰা অসমীয়া গামোচা, কাৰ্বি, তিৱাকে ধৰি অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত মেখেলা – চাদৰ তাতশালত ববৰ বাবে সুতা, ৰং, যতৰকে ধৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে। সম্প্ৰতি বিগত প্ৰায় দুই সপ্তাহ ধৰি ১২ জনী নিৰ্বাচিত মহিলা – যুৱতী ক্ৰমে – ৰীতামণি চিয়েম, ৰূপালী চিয়েম , অনুৰূপা চিয়েম , হেলিচা চখোৱাই, চন্দনা বাৰ্কা, মণিকা চিয়েম, এলিছ মাজং, চাগী মাৰৱেট , জুপালি চিয়েম , নিভা চিয়েম , শালবি বিনং , কল্পনা মাজং আৰু বৰৈ চিয়েমে দিনে নিশাই তাতশালত ব্যস্ত হৈ আছে গামোচা আৰু অসমৰ বিভিন্ন জাতি – জনগোষ্ঠীৰ পৰম্পৰাগত মেখেলা – চাদৰ আদি বোৱা কাৰ্যত। কাপোৰ বোৱা কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত ফাউণ্ডেছনে উপযুক্ত মূল্য আদায় দি লৈ আহিব। পুনৰ নতুন কাপোৰ বোৱাৰ বাবে সুতাকে ধৰি আন যাবতীয় সা – সামগ্ৰী সমূহৰ যোগান ধৰিব। আনহাতে মহিলা শিপিনী সকলক এই কাৰ্যত অঞ্চলটোৰ সমাজকৰ্মী ইব্ৰাই ৰাজা, আনচিং চখোৱাই , ইবাচাইং চিয়েমকে ধৰি বিভিন্নজনে উৎসাহিত কৰি আহিছে। ইফালে গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগত থকা মেঘালয়ৰ ভিতৰুৱা অঞ্চলত তাতশালত মাকোৰ খট খট শব্দৰ মাজত গামোচা, মেখেলা , চাদৰ বোৱা দৃশ্যই অসমক লৈ গৌৰৱ কৰি অহা অঞ্চলটোৰ লোক সকলক বাৰুকৈয়ে নষ্টালজিক কৰি তুলিছে।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত