নগাঁও সদৰৰ পৰা প্ৰায় ২৫ কি. মি. দূৰত কোৱাইকটা এখন ঐতিহাসিক থান (সত্ৰ) ।এই সত্ৰখনৰ উন্নয়নৰ স্বাৰ্থতে সাম্প্ৰদায়িক ভেদা ভেদ পাহৰি আজি একেলগে সমবেত হ’ল হিন্দু – মুছলমান সম্প্ৰদায়ৰ তিনি শতাধিক লোক । জাতি – ধৰ্ম – বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন গুৰুজনাই দেখিছিল তাৰেই এক নিদৰ্শন দাঙি ধৰিলে কোবাইকটা বাসীয়ে । সতী ৰাধিকাৰ জন্মস্থান তথা স্মৃতি বিজৰিত ঐতিহ্যমণ্ডিত কিন্তু সু-পৰিচালনাৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা থান খনৰ সুৰক্ষা আৰু উন্নয়নৰ উদ্দেশ্যেই আজিৰ ৰাজহুৱা সভাখন অনুষ্ঠিত হয়। অঞ্চলটোৰ জেষ্ঠ ভকত মুহিধৰ আতাই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামীয়ে কোবাইকটা বাসীয়ে যি সমন্বয়ৰ সেঁতু গঢ়িলে সেয়া সমগ্ৰ বিশ্ব বাসীৰ বাবে এক নিদৰ্শন বুলি মন্তব্য কৰে । জাতি, ধৰ্ম, সম্প্ৰদায়ক লৈ ৰাজ্য খনত ভেদাভেদৰ ৰাজনীতিয়ে গা কৰি উঠাৰ এই সময়ত গুৰুজনাৰ আদৰ্শৰে সম্বন্বয়ৰ সেতু গঢ়িব লাগিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়। সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ প্ৰতিনিধি থগিত মহন্ত আদিয়ে ঐতিহাসিক থান(সত্র) খনৰ উন্নয়ন আৰু পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰ, নগাঁও জিলা প্ৰশাসন আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ দৃষ্টিগোচৰ কৰাৰ আহ্বান জনায় আৰু অতি পুৰণি থানখনৰ পূৰ্বৰ পৰম্পৰা আৰু পদ্ধতিৰে চলাই নিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায়। এই সভাতে থানৰ পৰিচালনা আৰু উন্নয়নৰ বাবে যামিনি দাসক সভাপতি আৰু অচ্যুত কুমাৰ দাসক সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰা হয়। সভাত ডেকা সত্ৰীয়া অতুল মহন্ত, দিলীপ দেৱগোস্বামী, হাজী ইব্ৰাহীম আলী, হাজী আব্দুল ৰসিদ , গুলজাৰ হুছেইনৰ লগতে তিনিশতাধিক হিন্দু মুছলমানৰ ৰাইজ উপস্থিত থাকে।খবৰ যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে..
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী