ঔষধি চাবোন প্ৰস্তুত কৰিছে মণিপুৰৰ এগৰাকী মহিলাই

0 217

মণিপুৰৰ ৱেষ্ট ইম্ফলৰ এগৰাকী মহিলা। মহিলা গৰাকীৰ নাম জিনা খুমুজাম। মহিলাগৰাকীয়ে মণিপুৰত উপলব্ধ ঔষধিয়ে হাৰ্বেল চাবোন উদ্ভাবন কৰিছে। জানিব পৰা মতে ২০০৪ চনৰ পৰা এই মহিলা গৰাকীয়ে এই  চাবোন প্ৰস্তুত কৰি আহিছে।
এই সম্পৰ্কে জিনা খুমুজামে এন ই ফ’কাচ ডট কমক আগত এইদৰে কয় -আমাৰ সম্পৰ্কীয় এগৰাকী মহিলাই জাপানত এন জি অ’ৰ এক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।তেখেতৰ প্ৰশিক্ষণৰ পৰা অনুধাৱন কৰিয়েই চাবোন প্ৰস্তুত কৰো। প্ৰথমে নিজে ব্যৱহাৰ কৰিছিলো আৰু চিনাকী মানুহক বিনামুলীয়াকৈ ব্যৱহাৰ কৰিব দিছিলো।  লাহে  মণিপুৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ল। গ্ৰাহকে চাবোন ব্যৱহাৰ কৰি ভাল পাইছে। হোটেল বোৰতো প্ৰতিমাহে ৫০০০ চাবোন যোগান ধৰো। উল্লেখ্য যে তেখেতে অনাগত দিনত ব্যৱসায় সম্প্ৰসাৰণ কৰিব।
সংগীতা শইকীয়া।

Leave A Reply

Your email address will not be published.