অচিৰেই দুটা গঁড় স্থানান্তৰ কৰিব বন বিভাগ কৰ্তৃপক্ষই

0 368

অসম চৰকাৰৰ বনবিভাগে ২০০৫ বৰ্ষতে ইণ্ডিয়ান ৰাইন’ ভিশ্যন ২০২০ অভিলাসী আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গঁড়ৰ আৱাস ভূমিত ভাৰতীয় গঁড়ৰ সংখ্যা ৩০০০ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।লগতে ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ কেতবোৰ আৱাস আৰু গঁড়ৰ সংখ্যা বৃদ্ধি কৰাও আছিল এই আঁচনিৰ আন এক উদ্দেশ্য।
এই উদ্দেশ্যৰে বন বিভাগে ইণ্ডিয়ান ৰাইন’ ভিশ্যন ২০২০ ৰ অধীনত অহা ২২ ফেব্ৰুৱাৰীত কাজিৰঙাৰ পৰা মানাহলৈ দুটা গঁড় স্থানান্তৰণৰ পৰিকল্পনা কৰিছে।ৱাইল্ড টু ৱাইল্ড ব্যৱস্থাপনাৰে এই দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে।
এই সমগ্র পৰিকল্পনাত বিশ্ব প্ৰকৃতি নিধি,আৰণ্যক আৰু ইণ্টাৰনেচনেল ৰাইন’ ফাউণ্ডেচনে অসমৰ বন বিভাগক সহায় কৰিব।
চলিত বৰ্ষত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ সংখ্যা ৩০০০ কৰাৰ লগতে কাজিৰঙাৰ উপৰি গঁড়ৰ বাবে আৰু কেতবোৰ সুৰক্ষিত আৱাসৰ লগতে এক জনসংংখ্যা  বৃৃৃৃদ্ধি কৰি তোলাই হ’ল বন বিভাগৰ প্ৰধান লক্ষ্য।

Leave A Reply

Your email address will not be published.