অসম পৰ্যটন ভৱনত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেল আয়োজন কৰে।সংবাদমেলত তেখেতে কয় যে কালিলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত বহু কেইগৰাকী তাৰকা গুৱাহাটীত উপস্থিত হ’ব।ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অংশগ্রহণ কৰিবলগীয়া তাৰকা কেইগৰাকীৰ ভিতৰত অক্ষয় কুমাৰ,ৰণবীৰ সিং,মাধুৰী দীক্ষিত,পৰিনীতি চোপ্ৰা,সিদ্ধান্ত চতুৰ্বেদী,আয়ুস্মান খোৰানা,ৰিচা চাদ্দা,ছানী লিয়নী,মনীষ পল,জাহ্নৱী অন্যতম।আসনৰ সংখ্যা ৭০০৬ খন।বলিউডত প্ৰতিষ্ঠিত জুবিন গাৰ্গ,আদিল হুছেইন,শতাব্দী ৰায় আদিয়ে অনুষ্ঠানত অংশগ্রহণ কৰিব।উল্লেখযোগ্য যে এই ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানটো কৰণ জোহৰে আঁত ধৰিব।কালিলৈৰ পৰা অনুষ্ঠান পৰিবেশক সকলৰ অনুশীলন আৰম্ভ হ’ব।সাজ পোচাকত কোনো বাধ্য বাধকতা নাই।৬ বছৰৰ তলৰ শিশুক অনুষ্ঠান উপভোগ কৰাত নিষিদ্ধ কৰা হৈছে।অসমৰ প্ৰায় ডেৰ শ শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।ইয়াৰ ভিতৰত গায়ত্ৰী মহন্ত,সীতাৰাণী হাজৰিকা অন্যতম।কিছু সংখ্যক তাৰকা নৱটেল,ৰেডিচন ব্লু,তাজ ভিভাণ্টাত থকাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।অধিক সংখ্যক টিকট অসমৰ মানুহে ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।আজিৰ সংবাদমেলত অসম পৰ্যটন উন্নয়ন নিগমৰ সঞ্চালকৰ লগতে বহু বিষয় ববীয়া উপস্থিত থাকে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন