অসম পৰ্যটন ভৱনত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেল আয়োজন কৰে।সংবাদমেলত তেখেতে কয় যে কালিলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত বহু কেইগৰাকী তাৰকা গুৱাহাটীত উপস্থিত হ’ব।ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অংশগ্রহণ কৰিবলগীয়া তাৰকা কেইগৰাকীৰ ভিতৰত অক্ষয় কুমাৰ,ৰণবীৰ সিং,মাধুৰী দীক্ষিত,পৰিনীতি চোপ্ৰা,সিদ্ধান্ত চতুৰ্বেদী,আয়ুস্মান খোৰানা,ৰিচা চাদ্দা,ছানী লিয়নী,মনীষ পল,জাহ্নৱী অন্যতম।আসনৰ সংখ্যা ৭০০৬ খন।বলিউডত প্ৰতিষ্ঠিত জুবিন গাৰ্গ,আদিল হুছেইন,শতাব্দী ৰায় আদিয়ে অনুষ্ঠানত অংশগ্রহণ কৰিব।উল্লেখযোগ্য যে এই ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানটো কৰণ জোহৰে আঁত ধৰিব।কালিলৈৰ পৰা অনুষ্ঠান পৰিবেশক সকলৰ অনুশীলন আৰম্ভ হ’ব।সাজ পোচাকত কোনো বাধ্য বাধকতা নাই।৬ বছৰৰ তলৰ শিশুক অনুষ্ঠান উপভোগ কৰাত নিষিদ্ধ কৰা হৈছে।অসমৰ প্ৰায় ডেৰ শ শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।ইয়াৰ ভিতৰত গায়ত্ৰী মহন্ত,সীতাৰাণী হাজৰিকা অন্যতম।কিছু সংখ্যক তাৰকা নৱটেল,ৰেডিচন ব্লু,তাজ ভিভাণ্টাত থকাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।অধিক সংখ্যক টিকট অসমৰ মানুহে ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।আজিৰ সংবাদমেলত অসম পৰ্যটন উন্নয়ন নিগমৰ সঞ্চালকৰ লগতে বহু বিষয় ববীয়া উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan