ক’ভিড১৯ সংক্ৰমণ প্ৰতিৰোধী ক্ষমতা নাই এন৯৫মাস্কৰ

0 267

মহামাৰী ক’ভিড১৯ৰ ভয়ংকৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা এন-৯৫ মাস্কৰ ক্ষেত্ৰত শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জৰি কৰিছে। ক’ভিড১৯ৰ সংক্ৰমণৰ পৰা এই এন-৯৫ মাস্কে কোনো মানুহকে সুৰক্ষিত কৰিব নোৱাৰে সেয়েহে ইয়াৰ ব্যৱহাৰৰ পৰা বিৰত থকা উচিত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা ঘোষণা কৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দেশৰ সমগ্ৰ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ স্বাস্থ্যবিভাগৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে।
 
 
নিৰ্দেশনাটোত উল্লিখিত আছে যে সম্প্ৰতি স্বাস্থ্যকৰ্মী সকলৰ লগতে সমগ্ৰ দেশৰ জনতাই যিদৰে এন৯৫ মাস্ক পৰিধান কৰিছে ইয়াৰ পৰা ক’ভিড১৯ প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। কিয়নো এই মাস্ক বিধৰ নাই কোনো প্ৰতিৰোধী ক্ষমতা। এই মাস্কখনে ক’ভিড আক্ৰান্ত ৰোগীক ক’ভিডৰ পৰা সুৰক্ষিত কৰিব নোৱাৰে। স্মৰ্তব্য যে এতিয়াৰে পৰা সকলো লোককে ঘৰতে নিৰ্মিত মাস্ক ব্যৱহাৰৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

Leave A Reply

Your email address will not be published.