ক’ভিড নিয়ন্ত্ৰণ ব্যৱস্থাৱলী কঠোৰভাৱে বলবৎ কৰিবলৈ মুখ্যমন্ত্ৰী নিৰ্দেশ

0 215

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্ত আৰু অন্যান্য শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড পজিটিভৰ হাৰ বৃদ্ধি হৈ থকা ৰাজ্যৰ ৯ খন জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে ক’ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰে। এই জিলা কেইখন হৈছে বিশ্বনাথ, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, নগাঁও,শোণিতপুৰ আৰু শিৱসাগৰ।
জিলা কেইখনৰ সাম্প্ৰতিক পৰিস্থিতি বিতং পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপলানি একাংশ লোকে উলংঘা কৰাৰ ফলত ভাইৰাছ পুনৰ সংক্ৰমণ বৃদ্ধিৰ বিষয়টোকলৈ উদ্বেগ প্ৰকাশ কৰে। নগৰাঞ্চল,গ্ৰামাঞ্চল আৰু চাহ বাগিচাৰ সমূহত জনসাধাৰণৰ সমবেত হোৱা স্থান সমূহ চিনাক্ত কৰি সমগ্ৰ জিলাতেই ক’ভিড নিয়ন্ত্ৰণ নীতি নিৰ্দেশনা কঠোৰ ভাৱে বলবৎ কৰাৰ বাবে তেওঁ জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।এই পৰ্যালোচনা বৈঠকত সংশ্লিষ্ট জিলা সমূহৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলক সমগ্ৰ জিলা ব্যাপক পৰিদৰ্শন লগতে মুখ্যমন্ত্ৰী দণ্ডাধীশসকলৰ মাজত একোটা নিৰ্দিষ্ট অঞ্চল ধার্য কৰি নিৰীক্ষণ ব্যৱস্থা অধিক সক্ৰিয় কৰিবলৈও নির্দেশ দিয়ে।বহুসংখ্যক লোক সমবেত হোৱা অঞ্চলসমূহ চিনাক্ত কৰি যাতে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় সেই উদ্দেশ্যে ড্ৰ’ণ যোগে নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিবলৈ কয়। আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকা জিলা সমূহত ব্যাপক টিকাকৰণ উপৰি তেনে জিলাৰ সীমা তথা পথ সমূহ অনাধিকাৰ প্ৰৱেশ ৰোধৰ অৰ্থে অহনিশে নিৰীক্ষণ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষক নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে সম্পূৰ্ণ কনণ্টেইমেণ্ট জ’ন হিচাপে ঘোষিত হোৱা জিলা সমূহত দোকান পোহাৰ সমূহ যাতে বন্ধ হৈ থাকে আৰু জনসাধাৰণক সমবেত হোৱাৰ পৰা যাতে বিৰত ৰাখিব পাৰি সেই উদ্দেশ্যে জ্যেষ্ঠ বিষয়া সকলক তেনে স্থান পৰিদৰ্শন বাবে দায়িত্ব অৰ্পণ কৰিব লাগিব।তেওঁ লগতে কয় যে সকামকে ধৰি আন পাৰিবাৰিক অনুষ্ঠান সমূহত যথেষ্ট সংখ্যক লোকৰ সমাগম হয় আৰু ইয়াৰ ফলত ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাইছে। তেখেতে কয় যে এই ক্ষেত্ৰত গ্ৰামাঞ্চল জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে গাওঁবুঢ়া সকলক সহযোগত চক্ৰ বিষয়া সকলে পদক্ষেপ ল’ব লাগিব।চুলাই মদৰ ঘটি সমূহ ক’ভিড সংক্ৰমণৰ অন্যতম উৎস হৈ পৰিছে বুলি মন্তব্য কৰি মন্তব্য কৰি কয় যে এনে সকলো ঘাটি উৎখাত কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়ে সাম্প্ৰতিক মহামাৰী ৰোধৰ ক্ষেত্ৰত জনসচেতনতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি তেওঁ গ্ৰামাঞ্চল আৰু চাহ বাগিচা সমূহত ব্যপক সজাগতা চলাবলৈ নিৰ্দেশ প্ৰদান কৰে।
আজিৰ এই পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী প্ৰধান সচিব সমীৰ কুমাৰ সিনহা,স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোবেল,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ মিছন সঞ্চালক লক্ষ্মণন এছ লগতে অন্যান্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.