অসমৰ পুৰণি কৃষক সংগঠন কাছ-নাছ কেন্দ্ৰীয় সমিতিৰ ২৯ মে’ত সাধাৰণ সভাখনি কাঁহিকুছি উদ্যান আৰু গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয়। সংগঠনটোৱে প্ৰতিষ্ঠাকালৰপৰাই প্ৰকৃত কৃষকক উৎপাদনী কামত জড়িত কৰি আহিছে। ডিমা হাছং, কাৰ্বি আলং আদি পাহৰীয়া জিলাকে ধৰি অসমৰ প্ৰতিখন জিলাৰ প্ৰকৃত কৃষকক ধান মৰা,পানী যোগান ধৰা মেচিন যোগান ধৰিও আহিছে। এই উপলক্ষে ফিলিপাইনচৰ পৰা ইৰীৰ যোগেদি অহা নানা কৃষকৰ যন্ত্ৰ সঁজুলি বিকল হলে কেনেকৈ সুচল কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ সন্দৰ্ভতও প্ৰশিক্ষণ দিয়া হয়। লকডাউনৰ পিছত ৰাজ্যৰ বিভিন্ন জিলাত কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। এই কৃষকক বিভিন্ন দিশত উপকৃত কৰাৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা হয়। বিভিন্ন জিলাৰ পৰা অহা কেন্দ্ৰীয় প্ৰতিনিধি, এই সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, প্ৰধান সম্পাদক কৃষ্ণমোহন তালুকদাৰ, সভাপতি ভুলেন হাজৰিকা, প্ৰতিষ্ঠাপক মূখ্য উপদেষ্টা লোহিত গগৈ, কৃষি বিজ্ঞানী তথা কৃষক বন্ধু ড০ ধীৰেন্দ্ৰ নাথ কলিতা, সেউজ ৰত্ন বিজ্ঞানী ড০ কমল মল্ল বৰুৱাকে ধৰি কেইবাগৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰি কৃষকৰ উপকৃত হোৱাৰ লগতে কৃষি কাৰ্য ৰোপণৰ ওপৰত ভাষণ আগবঢ়ায়। এই অনুষ্ঠানত বিশেষভাৱে সহায় কৰে কৃষক অধিকাৰ সুৰক্ষা সমিতি নাছৰ দক্ষিণ কামৰূপৰ সভানেত্ৰী বৰ্ণালী তালুকদাৰসহ সংগঠনটোৰ সদস্যসকলে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme