ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ – উপনৈৰ পানী সামান্য কমিছে যদিও বান পৰিস্থিতিৰ বিশেষ উন্নতি সাধন হোৱা পৰিলক্ষিত হোৱা নাই। আনকি চৰকাৰে বানাক্ৰান্ত ৰাইজক সহায় আগবঢ়োৱাৰ সমান্তৰালভাৱে বহু দল-সংগঠন আৰু সু-হৃদয়বান ব্যক্তিয়েও বানাক্ৰান্ত ৰাইজক খাদ্যকে ধৰি বিভিন্ন লাগতিয়াল সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে । আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম চৰকাৰৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অন্তৰ্গত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিৰ এটা বিষয়া-কৰ্মচাৰীৰ দলে নলবাৰী জিলাৰ বৰভাগ মৌজাত ২৪ জুনত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰণ কৰি তেওঁলোকৰ দুখ – দুৰ্দশাৰ বুজ লয়। ই টি চিৰ গাণনিক হেমেন বৈশ্যৰ নেতৃত্বত যোৱা দলটোৱে বৰভাগ ৰাজহ চক্ৰ তথা বৰভাগ মৌজাৰ বানত অধিক ক্ষতিগ্ৰস্ত কমাৰকুছিকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰায় ৩০০ টা পৰিয়ালক চাউল, দাইল, আলু, পিয়াজ, বিশুদ্ধ পানীকে ধৰি কিছু নিত্য ব্যৱহার্য সামগ্ৰী বিতৰণ কৰে । আনহাতে দুৰ্যোগৰ সময়ত এনে ধৰণৰ সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়া বাবে কমাৰকুছিৰ গাওঁবুঢ়াকে ধৰি তাৰ স্থানীয় ৰাইজে হেমেন বৈশ্যকে ধৰি ই টি চিৰ বিষয়া – কৰ্মচাৰীৰ দলটোক ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ