ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ – উপনৈৰ পানী সামান্য কমিছে যদিও বান পৰিস্থিতিৰ বিশেষ উন্নতি সাধন হোৱা পৰিলক্ষিত হোৱা নাই। আনকি চৰকাৰে বানাক্ৰান্ত ৰাইজক সহায় আগবঢ়োৱাৰ সমান্তৰালভাৱে বহু দল-সংগঠন আৰু সু-হৃদয়বান ব্যক্তিয়েও বানাক্ৰান্ত ৰাইজক খাদ্যকে ধৰি বিভিন্ন লাগতিয়াল সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে । আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম চৰকাৰৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অন্তৰ্গত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিৰ এটা বিষয়া-কৰ্মচাৰীৰ দলে নলবাৰী জিলাৰ বৰভাগ মৌজাত ২৪ জুনত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰণ কৰি তেওঁলোকৰ দুখ – দুৰ্দশাৰ বুজ লয়। ই টি চিৰ গাণনিক হেমেন বৈশ্যৰ নেতৃত্বত যোৱা দলটোৱে বৰভাগ ৰাজহ চক্ৰ তথা বৰভাগ মৌজাৰ বানত অধিক ক্ষতিগ্ৰস্ত কমাৰকুছিকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰায় ৩০০ টা পৰিয়ালক চাউল, দাইল, আলু, পিয়াজ, বিশুদ্ধ পানীকে ধৰি কিছু নিত্য ব্যৱহার্য সামগ্ৰী বিতৰণ কৰে । আনহাতে দুৰ্যোগৰ সময়ত এনে ধৰণৰ সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়া বাবে কমাৰকুছিৰ গাওঁবুঢ়াকে ধৰি তাৰ স্থানীয় ৰাইজে হেমেন বৈশ্যকে ধৰি ই টি চিৰ বিষয়া – কৰ্মচাৰীৰ দলটোক ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- সপোন যেন লগা বৰষুণে পশ্চিম গুৱাহাটীৰ কৃষকৰ মুখলৈ আনিছে হাঁহি -বৰো ধানৰ খেতি কৰা কৃষকলৈ সকাহ
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৃষিত সংহত পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত
- Farmers’ Mobilization & Awareness Programme organised by NECTAR under PM-DevINE Scheme in Nihoto Village, Nagaland.
- বটদ্রৱাৰ দৌল মহোৎসৱ – দৃষ্টিনন্দন সাংস্কৃতিক সমাহাৰেৰে গোঁসাইক লৈ দৌললৈ যাত্রা
- The National Institute of Technology hosted a three five-day program sponsored by MSME
- নুমলীগড় শোধনাগাৰৰ সৈতে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
- Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)
- Assam CM meets EU Ambassador to India-discusses opportunities for collaboration in different sectors
- এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত
- গ্ৰাহক দিৱস উদযাপন