মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত গুৱাহাটীৰ পাৰ্শ্ববৰ্তী ক্ষেত্ৰীত ২৩ জুনৰ পৰা চলি আছে পার্থেনিয়াম নির্মূলকৰণ অভিযান । সিদিনা পতাকা জোঁকাৰি সজাগতা অভিযানৰ শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকা আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সচিব গুণজিৎ কাশ্যপে । উল্লেখ্য যে এই অভিযানৰ মূল উদ্দেশ্য হৈছে পার্থেনিয়ামৰ প্ৰচুৰ আৰু ব্যাপক বিস্তাৰৰ ফলত পৰিৱেশ আৰু স্বাস্থ্যজনিত ক্ষতিকাৰক প্ৰভাৱৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু এই বিপদৰ সৈতে মোকাবিলা কৰিবলৈ মানুহৰ নেতৃত্বত ব্যৱস্থা গ্ৰহণৰ সূচনা কৰা। অভিযানৰ উদ্ধোধনী অনুষ্ঠানত চমু ভাষণত যুটীয়া সচিব গুণজিৎ কাশ্যপে ভাৰতত পার্থেনিয়ামৰ ঐতিহাসিক প্ৰৱেশ আৰু বিস্তাৰ অনুসন্ধান কৰি পৰিৱেশ আৰু মানুহৰ লগতে পশুৰ স্বাস্থ্যৰ ওপৰত পার্থেনিয়ামৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেনেদৰে উপাচার্য ডঃ বিদ্যুৎ চন্দন ডেকাই ভাষণত পার্থেনিয়াম নিয়ন্ত্ৰণৰ বাবে মানুহৰ নেতৃত্বত চলা কাৰ্য্য অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক নিয়ন্ত্রণ কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত প্রতিষ্ঠানসমূহে একেলগে কাম কৰাৰ প্ৰয়োজন। আৰম্ভণিতে উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্রদীপ মহন্তই এই অভিযানৰ উদ্দেশ্যৰ বিষয়ে বিতংভাৱে প্রকাশ কৰি কয় যে ২৬ জুনলৈ চলিবলগীয়া এই অভিযানত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থান , ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পার্থেনিয়াম সজাগতা অভিযান চলোৱা হ’ব । সভাত ডিমৰীয়া ব্লকৰ অন্তৰ্গত কেন্দুবাম বাগিছা গাঁৱৰ গাঁওপ্ৰধান হৰজ্যোতি বৈশ্য , উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ জয়ন্ত কুমাৰ শর্মাই চমু ভাষণ প্ৰদান কৰে ।আনহাতে অভিযানৰ পাছতেই অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা পার্থেনিয়ামত ৰাইজৰ নেতৃত্বত অপতৃণনাশক ছটিয়াই দিয়া হয়। অভিযানৰ অংশ হিচাপে পার্থেনিয়ামৰ ক্ষতিকাৰক প্ৰভাৱ আৰু সম্প্ৰদায়ৰ নেতৃত্বত নিয়ন্ত্ৰণৰ প্রয়োজনীয়তাৰ ওপৰত চিত্ৰকল্প আৰু দৃশ্য বিষয়বস্তু থকা এখন দৃশ্য-শ্রাব্য ভান পার্থেনিয়ামৰ কুপ্ৰভাৱৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয় অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উচ্চপদস্থ বিষয়া-বিজ্ঞানী, জিলা আৰু ৰাজ্য প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ক্ষেত্রী, ডিমৰিয়া আৰু তেতেলিয়াৰ বহুসংখ্যক ৰাইজ উপস্থিত আছিল ।উল্লেখ্য যে এই অভিযানৰ অংশ হিচাপে ২৪ জুনত ৩ খন সজাগতা শিবিৰৰ আয়োজন কৰা হয় । প্রথম শিবিৰত ডিমৰীয়াস্থিত ডেফোদিল উদ্যান শস্য মহাবিদ্যালয়ৰ ৭০ জন ছাত্র-ছাত্রী আক শিক্ষক-শিক্ষয়ত্রী উপস্থিত থাকে। শিবিৰত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ ডালিম পাঠক, ডঃ সমীৰণ পাঠক, ডঃ অঞ্জন বৰা , ডঃ শৰৎ বৰা, ডঃ মিলন কোঁৱৰ আৰু ডেফোদিল উদ্যান শস্য মহাবিদ্যালয়ৰ ডীন ডঃ লোচন শইকীয়াই পার্থেনিয়ামৰ অপকাৰীতা আৰু তাক নির্মূল কৰা বিভিন্ন উপায় আৰু পদ্ধতিৰ বিষয়ে বিষদভারে আলোকপাত কৰে। এই একে অভিযানৰ অংশ হিচাপে তেতেলীয়া বজাৰ আৰু মেধিকুছিত তিনি শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত শিবিৰত পার্থেনিয়ামৰ অপকাৰীতা সম্বন্ধে অৱগত কৰা হয়। আনহাতে অভিযানত ৰাইজৰ মাজত পাৰ্থেনিয়ামৰ অপকাৰিতা সন্দৰ্ভত ৰাইজৰ মাজত গোহাৰি পত্ৰ বিতৰণ কৰা হয়।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়