অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে শেহতীয়াকৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ. আই.পি.আৰ.ডি) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২১ ছেপ্টেম্বৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ১০ ৰ পৰা ২৫ দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ শেহৰটোৰ ১৫ অক্টোবৰত সফল সামৰণি পৰে । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , দৰং , ওদালগুৰি , দৰং , চৰাইদেউ , শিৱসাগৰ , বৰপেটা আৰু বাগছা জিলাৰ প্ৰায় ৩৫০ জনী যুৱতী – মহিলাই ভাগ লৈছিল । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হয় । আনহাতে ১৫ অক্টোবৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্য ক্ৰমে – ডঃ ৰিদীপ বৰা , ফুলেশ্বৰ চহৰীয়া , গিতাশ্ৰী দাস আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিষয়া , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ ( এ এছ আৰ এল এম ) কামৰূপ জিলাৰ ডি পি এম লক্ষ্মীনন্দন গোস্বামী , কাৰ্যসূচীৰ তদাৰকীৰ দায়িত্বত থকা গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠক উপস্থিত থাকি ২৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা শুৱালকুচিৰ ইনষ্টিটিউট অফ ফেছন টেকন’লজিৰ কেবাজনো কৰ্মকর্তা , নিৰুপম দাস , অনুকূল চন্দ্ৰ দাস , গোবিন্দ বাছফৰ , মানবেন্দ্ৰ দাস উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে । উল্লেখযোগ্য যে প্ৰশিক্ষণ কাৰ্যসূচী চলি থকাৰ সময়ত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দুদিন অহাৰ উপৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়ায়ো এছ আই পি আৰ ডি চৌহদলৈ আহি প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলৰ সৈতেও মত বিনিময় কৰে আৰু ই টি চি কৰ্তৃপক্ষৰ শলাগ লয়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ