মঙ্গলবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত চান্দৰডিঙা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰং উৎসৱ। কালিলৈ ৰাতিপুৱা ১০ বজাত খেলপথাৰখনত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ (আৰএচএচ)ৰ ধুবুৰী জিলাৰ সংঘচালক ডঃ দ্বীপেন্দ্ৰ নাথ অধিকাৰীৰ বন্তি প্ৰজ্বলেনেৰে সেই কাৰ্য্যলূচীৰ শুভাৰম্ভ ঘটিব। পুৱা ১০-৩০ বজাত ৪ৰ পৰা ১০ বছৰীয়া শিশুৰ মাজত অনুষ্ঠিত হ’ব কৃষ্ণ সজ্জা প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী তথা চলচিত্ৰ বিত্ত উন্নয়ন নিগম, অসমৰ অধ্যক্ষ সীমান্ত শেখৰে। বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰং উৎসৱত অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে মুখ্য অতিথিৰূপে উপস্থিত থকাৰ বিপৰীতে আৰএচএচৰ উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিনহা মুখ্য বক্তা ৰূপে উপস্থিত থাকিব। আনহাতে, কাইলৈ ধুবুৰীৰ বিশিষ্ট সাংস্কৃতিক আৰু সামাজিক গোষ্ঠী “নৃত্যাঙ্গন”ৰ উদ্যোগতো চহৰখনৰ বৰলুইতৰ পাৰৰ ৰাজীৱ গান্ধী উদ্যানত অনুষ্ঠিত হ’ব “বসন্ত উৎসৱ-২০২৩”। কাইলৈ পুৱা ৮-৩০ বজাত ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰীৰ পৰা ৰাজীৱ গান্ধী উদ্যানলৈ হ’বলগীয়া এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে সেই কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটিব। সেই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি কালিলৈ এখন স্মৰণিকাও উন্মোচন কৰা হ’ব বুলি উদ্যক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত