সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত, চুতীয়া উন্নয়ন পৰিষদ অসমৰ প্ৰযোজনাত আৰু বিশ্বজিৎ বৰাৰ পৰিচালনাত আহিব লগীয়া চলচ্চিত্ৰ;”বীৰাঙ্গনা সাধনী “ৰ মুখ্য চৰিত্ৰৰ অভিনেতা অভিনেত্ৰীৰ দ্বিতীয় অডিচন যোৱা দেওবাৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হৈ যায় । উক্ত বাছনি অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিনেতা অভিনেত্ৰী সমূহৰ মাজত যথেষ্ট উৎসাহ আৰু সহাঁৰি পৰিলক্ষিত হয়। উল্লেখ্য যে এই চলচ্চিত্ৰখনত সংগীত পৰিচালনা কৰিব বিশিষ্ট সংগীত পৰিচালক, কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই । বীৰাঙ্গনা সাধনী হ’ব অংগৰাগ পাপন মহন্তই সংগীত পৰিচালনা কৰা প্ৰথম খন চলচ্চিত্ৰ ।বলিউডৰ প্ৰখ্যাত চাউণ্ড ডিজাইনাৰ অৰুণ নাম্বিয়াৰয়ে চলচ্চিত্ৰ খনৰ চাউণ্ড ডিজাইন কৰিব ।তেখেতে “ৰণঝানা, শুভ মঙ্গল সৱধান, অত্ৰাংগী ৰে, “ৰক্ষ বন্ধন”পতি পত্নী ঔৰ ৱহ কে ধৰি কেইবাখনো চলচ্চিত্ৰৰ চাউণ্ড ডিজাইনাৰ আছিল । বিখ্যাত Prime Focus VFX studio ত প্ৰায় ত্ৰিশ বছৰ অভিজ্ঞতা পুষ্ট চিনেজেন্স মিডিয়া প্ৰাইভেট লিমিটেডৰ (Cinegence Media pvt Ltd) স্বতাধিকাৰী ষ্টিফেন মাস্কাৰেনহাছে চলচ্চিত্ৰ খনৰ ভিএফএক্স (VFX) ৰ কাম কৰিব। বিখ্যাত চলচ্চিত্ৰ ‘বাহুবলী’ৰ ভিএফএক্স কনচেপ্ট ডিজাইনাৰ মৌলিয়ে (VFX Concept Designer) বীৰাঙ্গনা সাধনী চলচ্চিত্ৰৰ ভিএফএক্স কনচেপ্ট ডিজাইনাৰ কৰিব । বলিউডৰ বিখ্যাত প্ৰমো এডিটৰ (Promo Editor) হাৰ্দিক সিং ৰিনে চলচ্চিত্ৰ খনৰ প্ৰমো এডিট (Promo Edit) কৰিব।৬ কোটি টকা বাজেটেৰে নিৰ্মাণ হ’ব লগা বীৰাঙ্গনা সাধনী চলচ্চিত্ৰখনৰ সন্দৰ্ভত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিতু শইকীয়াই সকলো সদৰী কয় যে এই চলচ্চিত্ৰ হ’ব অসমৰ আটাইতকৈ বেছি ব্যয়বহুল চলচ্চিত্ৰ।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers