গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰে একক স্থানত বিহু নৃত্য প্ৰদৰ্শনৰ যি পৰিকল্পনা কৰিছে, সেই উদ্দেশ্যে আজি পৰিবেশনকাৰীসকলৰ অনলাইন পঞ্জীয়নৰ বাবে এক ৱেব পেইজ মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিহু সমিতিসমূহৰ বিষয় – ববীয়া, মাষ্টাৰ ট্ৰেইনাৰ আদিৰ লগত হোৱা এখন সভাত www.idealinfoz.com /bihu নামৰ ৱেবপেইজটো পৰিবেশনকাৰীসকলৰ পঞ্জীয়নৰ বাবে মুকলি কৰি দিয়ে। ৱেবপেইজটো মুকলি কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে এইটো কেৱল আবেদনৰ দৰেহে। পঞ্জীয়নৰ পাছত নিৰ্বাচন সমিতিয়ে পৰিবেশনকাৰীসকলক নিৰ্বাচন কৰিব। পঞ্জীয়নৰ শেষ তাৰিখ ১৮ মাৰ্চ ধাৰ্য কৰা হৈছে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers