কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

0 141


বোকাখাতৰ একাংশ নবীন সাংবাদিকৰ দ্বাৰা ২০০৩ চনতে প্ৰতিষ্ঠা লাভ কৰা সামাজিক, সাংস্কৃতিক অনুষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ কালি বিংশতিতম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷প্ৰথম অৱস্থাত নতুন প্ৰজন্মক সাংবাদিকতাৰ আদিপাঠ শিকোৱাৰ লক্ষ্যৰে সংগঠিত কাজিৰঙা নিউজ নেটৱৰ্কে পৰৱৰ্তীকালত সমাজ, সংস্কৃতি সম্পৰ্কীয় অন্যান্য দিশতো গুৰুত্ব প্ৰদান কৰে।কালি দিনজোৰা কাৰ্যসূচীৰে বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰাই ৷ স্মৃতি তৰ্পনৰ লগতে প্ৰতিষ্ঠাপক মুখ্য সচিব প্ৰয়াত প্ৰদ্যুত মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে বোকাখাত নাট্যমন্দিৰৰ সভাপতি দিলীপ শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতী দলে আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এচ’চিয়েচন চমুকৈ ‘ইমজা’ৰ সভাপতি সঞ্জীৱ হাজৰিকাই ৷ অনুষ্ঠানৰ বিয়লি কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰতি বছৰে প্ৰদান কৰি অহা কাজিৰঙা বঁটা ২০২৩ প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান অনুষ্ঠানৰ প্ৰাকক্ষণত যিসকল বৰেণ্য ব্যক্তিৰ সোঁৱৰণিত কাজিৰঙা বঁটা প্ৰদান কৰি অহা হৈছে সেই পাঁচগৰাকী ব্যক্তিৰ পৰিয়ালে নিজ নিজ আত্মীয়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে । কাজিৰঙা বঁটা অনুসৰি, ২০২৩ বৰ্ষৰ বাবে প্ৰয়াত প্ৰদ্যুত মহন্ত সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা লাভ কৰে কাজিৰঙাৰ ডি ৱাই ৩৬৫ ৰ সাংবাদিক নীলপদ্ম শৰ্মাই ৷ প্ৰয়াত সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত নবীন সাহিত্য বঁটা লাভ কৰে গোলাঘাট ৰঙাজানৰ কবি, সাহিত্যিক, সমাজকৰ্মী হেমা চৌধুৰী গগৈয়ে৷প্ৰয়াত ধনীল বৰঠাকুৰ সোঁৱৰণি অসম ভিত্তিত নবীন সাংস্কৃতিক বঁটা লাভ কৰে গুৱাহাটীৰ অভিনেতা,পৰিচালক ৰনাল্ড হুছেইনে৷প্ৰয়াত ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি শৈক্ষিক বঁটা গোলাঘাট জিলা ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আৰু অসমৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত আদৰ্শ বিদ্যাপীঠ ভোলাগুৰিৰ ছাত্ৰী অনিন্দিতা বড়াই৷ প্ৰয়াত মহেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি শৈক্ষিক বঁটা গোলাঘাট জিলা ভিত্তিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত বোকাখাত চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ ঠেঙালে৷বঁটা প্ৰাপকসকলক চেলেং, জাপি, স্মাৰক, মানপত্ৰ, নগদ ধন আৰু কিতাপৰ টোপোলাৰে সন্মানিত কৰা হয় ৷ অনুষ্ঠানৰ মাজতে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰতিষ্ঠাপক মুখ্য সচিব প্ৰয়াত প্ৰদ্যুত মহন্তৰ জন্মদিন কেক কাটি উদযাপন কৰা হয়৷অনুষ্ঠানত কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখপত্ৰ “কাজিৰঙা” উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই ৷ অনুষ্ঠানত বোকাখাত নাট্যমন্দিৰৰ সভাপতি দিলীপ শইকীয়া, পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা কবি মিনতী দলে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল বৰা,বোকাখাত দিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চন্দ্ৰ বড়ি,বোকাখাত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি কনক দলে,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বোকাখাত জিলা শাখাৰ সম্পাদক যতিন লইং,বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা,বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ময় শৰ্মা,ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এচ’চিয়েচনৰ সভাপতি সঞ্জীৱ হাজৰিকা,বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া,বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আদি উপস্থিত থাকে৷অনুষ্ঠান আৰম্ভণিতে উদিয়মান বাঁহী বাদক বৰ্ষাগ্নি ডেকাই বাঁহী বাদনেৰে শুভাৰম্ভ কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে৷
সন্ধ্যা সাংস্কৃতিক অনুষ্ঠানত সৌৰভ হাজৰিকা, ভায়লিনা বৰা, ত্ৰিদিঞ্চা বৰা,এম ৰতন,পঙ্কজ গগৈ, সন্দিপ পানিকা আদিয়ে গীত পৰিৱেশন কৰে।সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা আৰু জনপ্ৰিয় ঘোষক ৰূপজ্যোতি ভৰালীয়ে ৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.