বদলিসূত্ৰে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত প্ৰধান সচিব আৰু বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব ৰূপে কৰ্মত যোগদান কৰা কামৰূপৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে প্ৰশান্ত প্ৰতীম কাঠকটীয়া আৰু সুজিত বাগলাৰীক আজি আনুষ্ঠানিকভাৱে কৃতজ্ঞতাসূচক বিদায় সম্ভাষণ জনোৱা হয়। জিলা প্ৰশাসনৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সম্বৰ্দ্ধনা সভাত উপস্থিত সকেলাৱে একেমুখে বিষয়াদুগৰাকীৰ কৰ্মপটুতা আৰু নিষ্ঠাৰ বিষয়ে উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদায়ী বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটীয়াই কামৰূপ জিলাত আগবেঢ়াৱা শান্তিপূৰ্ণ সেৱাৰ এই সময়ছোৱা স্মৰণীয় হৈ ৰ’ব বুলি অৱগত কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে আগন্তুক দিনত বিদায়ী বিষয়া দুগৰাকীয়ে নিজ নিজ গুৰুত্বপূৰ্ণ পদবীৰ পৰা অভিজ্ঞতালব্ধ জ্ঞানেৰে জনসাধাৰণক উপকৃত কৰিব পৰা পদক্ষেপ ল’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index