সমগ্ৰ ভাৰতবৰ্ষত ১৬ জুলাইত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আই চি এ আৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সৱল নেতৃত্বত ৯৪তম আই.চি.এ.আৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেল অনুষ্ঠান কামৰূপ কৃষক ৰাইজৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে অনুষ্ঠিত হয়। বিশেষকৈ কৃষকৰ আয় দুগুনীকৰণ (DFI)ৰ আঁচনিৰ অন্তৰ্ভুক্ত কষক যুৱক-যুৱতীসকল এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ভাৰ্চুৱেল যোগে কেন্দ্ৰীয়ভাৱে জলবায়ু সহিষ্ণু খেতি, ভূমি সংৰক্ষণ, প্ৰাকৃতিক খেতি উদ্যান শস্য আদি কৃষি সম্বন্ধীয় বিষয়ৰ ওপৰত সম্প্ৰচাৰ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বহুতো কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত কৃষক ৰাইজৰ লগত মতবিনিময় কৰে। কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত ২০০ জনৰো অধিক কৃষক, যুৱক-যুৱতী, মহিলাৰ উপস্থিতিত সফলতাভাৱে এই প্ৰতিষ্ঠা দিৱস কৰে।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ