যোৱা ১৪মে’ত সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো এখন ৰাষ্ট্ৰীয় লোক-আদালত অনুষ্ঠিত হৈ যায়। আমিনগাঁওত অৱস্থিত জিলা ন্যায়িক আদালত, ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ লগতে বকো আৰু হাজোস্হিত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতকে ধৰি জিলাখনৰ মুঠ চাৰি ঠাইত এই লোক-আদালত অনুষ্ঠিত হয়। জিলা তথা সত্ৰ ন্যায়াধীশ আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ ডাৰাক উল্লাহ আৰু সচিব প্ৰণামী গোস্বামীয়ে জনোৱা মতে বিদ্যুৎ বিল অনাদেয়ক, বেংকৰ ঋণ অনাদেয়ক আদিকে ধৰি আদালতৰ বিভিন্ন প্ৰকাৰৰ মুঠ ৭,৭৮৪ টা গোচৰ এই লোক-আদালতত নিষ্পত্তিৰ বাবে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ ভিতৰত মুঠ ৯৩০ গোচৰ সফলতাৰে নিষ্পত্তি কৰা হয় যাৰ মিত-মাতৰ ধন ৰাশিৰ পৰিমাণ হ’ল প্ৰায় ১,২০,২৬,৩৪৩.০০ টকা। লোক আদালতখনৰ এই সফলতাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি