যোৱা ১৪মে’ত সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো এখন ৰাষ্ট্ৰীয় লোক-আদালত অনুষ্ঠিত হৈ যায়। আমিনগাঁওত অৱস্থিত জিলা ন্যায়িক আদালত, ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ লগতে বকো আৰু হাজোস্হিত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতকে ধৰি জিলাখনৰ মুঠ চাৰি ঠাইত এই লোক-আদালত অনুষ্ঠিত হয়। জিলা তথা সত্ৰ ন্যায়াধীশ আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ ডাৰাক উল্লাহ আৰু সচিব প্ৰণামী গোস্বামীয়ে জনোৱা মতে বিদ্যুৎ বিল অনাদেয়ক, বেংকৰ ঋণ অনাদেয়ক আদিকে ধৰি আদালতৰ বিভিন্ন প্ৰকাৰৰ মুঠ ৭,৭৮৪ টা গোচৰ এই লোক-আদালতত নিষ্পত্তিৰ বাবে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ ভিতৰত মুঠ ৯৩০ গোচৰ সফলতাৰে নিষ্পত্তি কৰা হয় যাৰ মিত-মাতৰ ধন ৰাশিৰ পৰিমাণ হ’ল প্ৰায় ১,২০,২৬,৩৪৩.০০ টকা। লোক আদালতখনৰ এই সফলতাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা