নগাঁৱৰ ঘাঁহিত সতী ৰাধিকা উৎসৱ উদযাপন    

0 275


কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ঘাঁহি-দক্ষিণপাট অঞ্চলৰ কৈৱৰ্ত্ত ৰাইজ তথা অনুসুচীত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মীলনী নগাঁও জিলা সমিতিৰ সহযোগত ঘাঁহি চাৰিআলিস্থিত ৰাজহুৱা ভৱনত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে মহিয়সী নাৰী সতী ৰাধিকা আইৰ জন্ম জয়ন্তী উৎসৱটি উদযাপন কৰা হয় ৷ সেই উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে ৰেৱকান্ত দাসে, তাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে সমাজসেৱক ঘনকান্ত দাসে । কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় সভাপতি,বিশিষ্ট সাহিত্যিক সুতৰাম দাসে উদ্বোধন কৰা মুকলি সভাত নগাঁও জিলা কৈৱৰ্ত সাহিত্য আৰু সংস্কৃতিক সভাৰ বাৰ্ষিক মূখপত্র ৰাধিকা উন্মোচন কৰে গণশিল্পী সূৰ্য দাসে৷ গ্ৰন্থখনি উন্মোচন কৰি সূৰ্য দাসে কয় -গান -বাজনা কৰিলেই নহ’ব আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব ৷ সতী ৰাধিকাৰ জীৱন দৰ্শনৰ লগত ৰজিতা খোৱাই তেওঁ লগতে কয় নাৰীয়ে মোৰ অসম খনক জীয়াই ৰাখিব লাগিব ৷ মোৰ দেশখনক জীয়াই ৰাখিব লাগিব আজিৰ নাৰী সমাজে ৷ নাৰীয়েই আজিৰ স্বামী সকলক পৰিৰ্ৱতন আনিব লাগিব ৷
সভাত বৰ্তমান নাৰী সমাজত সতী ৰাধিকাৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দ্দিষ্ট বক্তাৰ ভাষন আগবঢ়াই নগাঁও জিলা জনসংখ্যা সমাধান সমিতিৰ জিলা সংৰক্ষক ৰঞ্জনা দাসে। জিলা সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁতধৰা মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গ তিলক চন্দ্ৰ দাস, হেমন্ত কুমাৰ দাস, জিতুল দাস, ৰূপালী দাস, সদৌ অসমীয়া কৈৱৰ্ত সন্মীলনীৰ সভাপতি মনোৰঞ্জন দাস, সম্পাদক গৌতম শইকীয়া, সমাজকৰ্মী কল্লোল শইকীয়াই মহাসতী ৰাধিকা আই আৰু কৈৱৰ্ত সকলৰ ইতিহাস বিষয়ক বক্তব্য প্ৰদান কৰে। এই সভাতে অসম চৰকাৰলৈ আহ্বান জনাই নগাঁৱত সতী ৰাধিকাৰ নামেৰে এখন বিশ্ববিদ্যালয়, সতী ৰাধিকা ভৱন, সতী ৰাধিকাৰ জন্ম দিনটো চৰকাৰী বন্ধ ঘোষনাকে ধৰি কেইবাটিও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সন্ধ্যা ৭.০০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান হয়।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

   

Leave A Reply

Your email address will not be published.