কামৰূপ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ

0 234

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচী উপলক্ষে কালি কামৰূপ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ অনুষ্ঠিত কৰা হয়৷ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত স্থাপন কৰা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থলীৰ পৰা আগিয়াঠুৰীৰ গনেশ মন্দিৰলৈ প্ৰায় ৮ কিলোমিটাৰ জুৰি অনুষ্ঠিত কৰা এই দৌৰৰ কাৰ্যসূচীত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে৷ ভাষণ প্ৰসংগত কলিতাই দেশে আজি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ সুবিধা প্ৰদান কৰি যোৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ সেনানীক শ্ৰদ্ধাৰে সোঁৱৰে৷ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি দেশৰ একতা আৰু জনসাধাৰণৰ সুস্বাস্থ্যৰ বাবে হাতত লোৱা এই সজাগতামূলক দৌৰে দেশৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াবলৈ জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ লগতে নিয়মিতভাৱে আসন-প্ৰাণায়াম কৰাৰ অভ্যাস গঢ়ি তুলি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
কলিতাই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত আজি ১৭৫ গৰাকীতকৈও অধিক যুৱকে অংশগ্ৰহণ কৰে৷ দৌৰ আৰম্ভ হোৱাৰ আগতে উপস্থিত সকলোৱে নিজৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য অটুট ৰাখিবৰ বাবে যত্নপৰ হ’বলৈ শপত গ্ৰহণ কৰে৷ আজিৰ এই দৌৰ কাৰ্যসূচীত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উত্তৰ-পূৰ্ব মণ্ডলৰ সঞ্চালক জেকি ৰুইভা, উপসঞ্চালক তথা কামৰূপ নেহৰু যুৱ কেন্দ্ৰৰ দায়িত্বত থকা বিশেষ কৰ্তব্যৰত বিষয়া তাপস কুমাৰ প্ৰামাণিককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা মৰ্মে দেশৰ ৭৪৪ খন জিলাত থকা নেহৰু যুৱ কেন্দ্ৰসমূহে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এই দৌৰ কাৰ্যসূচী হাতত লৈছে৷ আজি কামৰূপত জিলা ভিত্তিত এই দৌৰ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে জিলাখনৰ গাঁওসমূহ সামৰি বিভিন্ন স্থানত অহা ২ অক্টোবৰলৈ আৰু ৭৫ টা এনে দৌৰৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব৷

Leave A Reply

Your email address will not be published.