সমগ্ৰ দেশজুৰি আয়ুষ আহাৰৰ প্ৰসাৰ কৰাটো প্ৰয়োজনীয়:সৰ্বানন্দ সোণোৱাল

0 229

কেন্দ্ৰীয় আয়ুষ তথা কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহন আৰু জলপথৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সমগ্ৰ দেশ জুৰি আয়ুষ মন্ত্ৰালয়ে আয়ুষ আহাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে।যুৱ প্ৰজন্মক হানিকাৰক জাংক ফুডৰ ব্যৱহাৰৰ পৰা ৰক্ষা কৰাত ই যথেষ্ট সহায়ক হ’ব।আয়ুষ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ জনপুৰীস্থিত চেনণ্ট্ৰেল কাউন্সিলছ কমন বিল্ডিং কমপ্লেক্স পৰিদৰ্শন কৰি এই মন্তব্য কৰে।পৰিদৰ্শন কালত তেখেতে পাঁচোটা সংশ্লিষ্ট গৱেষণা পৰিষদ আৰু উক্ত প্ৰাংগনত অৱস্থিত দুটা আয়ুক্তালয়ৰ বিষয়ববীয়া আৰু বৈজ্ঞানিক সকলৰ সৈতে মত বিনিময় কৰে।উক্ত গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় আয়ুক্তালয়লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এয়া প্ৰথমটো ভ্ৰমণ।
উল্লেখযোগ্য যে এখন সুপুষিত ভাৰত গঢ়াৰ লক্ষ্যৰে চলিত পোষণ মাহত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সহযোগত আয়ুষ মন্ত্ৰালয়ে আয়ুষভিত্তিক ডায়েট আৰু জীৱনশৈলীৰ প্ৰসাৰৰ বাবে কাম কৰি আছে ।দ্য ফুড চেফটী এণ্ড ষ্টেণ্ডডছ অ’থৰিটী অৱ ইণ্ডিয়াই আয়ুষ মন্ত্ৰালয়ৰ সহযোগত শেহতীয়াকৈ আয়ুষ আহাৰ সম্পৰ্কীয় নীতি নিৰ্দেশনা মুকলি কৰিছে।মত বিনিময় অনুষ্ঠানত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে সবকা সাথ,সবকা বিকাশ নীতিৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সকলোৱে দায়িত্ব সহকাৰে তৃণমূল পৰ্যায়ত কাম কৰিব লাগিব।যিকোনো ইতিবাচক পৰিবৰ্তন বাবে টীম স্পিৰিট অতিশয় প্ৰয়োজনীয়।লগতে তেখেতে কয় যে এটা বিভাগৰ পৰা এটা মন্ত্ৰালয়লৈ ৰূপান্তৰিত হোৱাৰ যাত্ৰা অতিক্ৰম কৰা আয়ুষ মন্ত্ৰালয়ে দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰসাৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।প্ৰধান মন্ত্ৰী সপোনক সাকাৰ কৰাৰ লক্ষ্যৰে বৈজ্ঞানিক, অধ্যাপক, চিকিৎসক,কাৰিকৰী ব্যক্তি আদি সকলো সংশ্লিষ্ট কৰ্তৃপক্ষই মিলি দেশৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক ফলপ্ৰসূভাৱে আৰু আধুনিক দৃষ্টিভংগীৰে আগুৱাই নিব লাগিব বুলি তেখেতে উল্লেখ কৰে।
উক্ত অনুষ্ঠানত আয়ুষ সচিব বৈদ্য ৰাজেশ কটেশাই প্ৰতিযোগিতামূলক মানসিকতা আৰু উদ্ভাৱনী কৌশলেৰে আয়ুষ গৱেষণা পৰিষদ সমূহে কাম কৰা ওপৰত গুৰুত্ব আৰোপ কৰে।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীয়ে আয়ুৰ্বেদ সম্পৰ্কীয় এখন গ্ৰন্থ মুকলি কৰাৰ উপৰিও NCISM পৰ্টেল মুকলি কৰে।দেশৰ ৭০.০০০খন শিক্ষানুষ্ঠান মাজত যুগসূত্ৰ স্থাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ অনুষ্ঠান লগতে বিভিন্ন কাৰ্যক্ৰমৰ তথ্য সঠিককৈ ৰখাৰ ক্ষেত্ৰত এই পৰ্টেলটো যথেষ্ট সহায়ক হ’ব।এই পৰিদৰ্শনকালত মন্ত্ৰী গৰাকীয়ে পৰিষদৰ বিভিন্ন শাখা পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতেও মত বিনিময় কৰে আৰু CCRAS ৰ সঞ্চালক প্ৰধান ড° এন শ্ৰীকান্তে তেখেতক পৰিষদৰ বিভিন্ন বিজ্ঞান সন্মত কাৰ্যক্ৰম আৰু পদক্ষেপৰ বিষয়ে অৱগত কৰে।১৯৭৮ চনৰ পৰাই বিজ্ঞান সন্মত গৱেষণা প্ৰকাশ কৰি অহাৰ বাবে পৰিষদৰ ভূমিকাৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়।তদুপৰি সোণোৱালে CCRAS ৰ ইথ মেডিকো ব’টানিকেল ডিভিজনো পৰিদৰ্শন কৰে আৰু বৈজ্ঞানিক সকলৰ সৈতে মত বিনিময় কৰে।পৰম্পৰাগত চিকিৎসা পদ্ধতিক জীয়াই ৰখাৰ লগতে যুগ যুগ ধৰি চৰ্চা কৰি অহা জনজাতিসকলৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিষয়ে অধিক অন্বেষন কৰিবলৈ পৰিষদক তেখেতে আহ্বান জনায়।NCISM ৰ কৰ্মচাৰী সকলৰ লগতো সোণোৱালে মত বিনিময় কৰে।এই সাক্ষাৎকালত NCISM ৰ অধ্যক্ষ বৈদ্য জয়ন্ত দেওপূজাৰীয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে যে আয়ুক্তলয়টোৱে ৩ লাখ আয়ুষ চিকিৎসকক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস অব্যাহত ৰাখি ১০ খন ৰাজ্যৰ ২৮,০০০ আয়ুষ চিকিৎসকক ইতিমধ্যে আয়ুক্তালয়ৰ ৰাষ্ট্ৰীয় পঞ্জীত অন্তৰ্ভুক্ত কৰিছে।
CCRY&N পৰিদৰ্শন কৰি সোণোৱালে পৰিষদৰ সামূহিক গৱেষণা মুকল কামৰ শলাগ লয়।ভাৰতৰ লগতে বিশ্বজুৰি যোগ আৰু নেচাৰ পেথীৰ প্ৰসাৰ তথা সহজ উপলব্ধকৰণৰ ক্ষেত্ৰত ত্বৰান্বিত গতিৰে কাম কৰিবলৈ পৰিষদক কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত তেখেতক সংগ দিয়ে আয়ুষ সচিব বৈদ্য ৰাজেশ কোটেশা ,বিশেষ আয়ুষ সচিব প্ৰমোদ কুমাৰ পাঠক,যুটীয়া সচিব ড° ছেনথিল পাণ্ডিয়ান,আৰু কবিতা গাৰ্গ প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলে।

Leave A Reply

Your email address will not be published.