কামৰূপ মহানগৰ জিলাত বিশ্ব জনসংখ্যা দিৱস পালন

0 196

সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ।কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু ধীৰেণপাৰা স্বাস্থ্য মণ্ডলৰ সহযোগত ধীৰেণপাৰা এফ আৰ ইউত আজি এই বিশ্ব জনসংখ্যা দিৱসৰ শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাই। এই দিৱসৰ লগত সংগতি ৰাখি ১১ জুলাইৰ পৰা ২৪ জুলাইলৈ চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ পষেকত অংশগ্ৰহণ কৰি জিলাখনৰ সাম্ভাব্য দম্পত্তী সকলক সুবিধা অনুযায়ী পৰিয়াল পৰিকল্পনাৰ পদ্ধতি সমূহ গ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতি সমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কাৰ্যসূচী চলোৱা হৈছে। ‘মিশ্বন পৰিবাৰ বিকাশ’ কাৰ্যসূচীৰ অধীণত ‘সাৰথি বাহন’ৰ জৰিয়তে মাইক প্ৰচাৰ আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ, স্বাস্থ্য খণ্ড আৰু স্বাস্থ্য মণ্ডল সমূহত মাইকযোগে প্ৰচাৰৰ উপৰিও আশাকৰ্মী সকলে সাম্ভাব্য দম্পত্তীৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ লগতে পৰিয়াল পৰিকল্পনাৰ অস্থায়ী সামগ্ৰীসমূহ বিতৰণ কৰে। কাৰ্যসূচীত ধীৰেণপাৰা ১১ নং ৱাৰ্ডৰ পাৰিষদ, কামৰূপ মহানগৰ জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(সংক্ৰমিত ৰোগ), অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(পৰিয়াল কল্যাণ), জিলা প্ৰতিষেধক বিষয়া, ধীৰেণপাৰা এফ আৰ ইউৰ অতিৰিক্ত অধীক্ষক আৰু উপ অধীক্ষকৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰ জিলাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.