কালিলৈ ১০০খন চিটী বাছ চলিব

0 255

সম্প্ৰতি দেশত তৃতীয় পৰ্য্যায়ৰ লকডাউন অব্যাহত আছে।তৃতীয় পৰ্য্যায়ৰ লক ডাউনত ৰাজ্য চৰকাৰে বহু ক্ষেত্ৰত শিথিলতা আনিছে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে নতুনকৈ বাহাল কৰা  নীতি নিৰ্দেশনাৰ সম্পৰ্কে  ইতিমধ্যে অৱগত কৰিছে।
 
ইয়াৰ পিছতেই অসম পৰিবহন নিগমৰ তৰফৰ পৰা এক বিবৃতি প্ৰেৰণ কৰিছে।বিবৃতিৰ অনুসৰি অসম পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে জনোৱা মতে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহৰ চলাচলৰ ক্ষেত্ৰত কিছু নীতি নিয়ম বাহাল থাকিব।
 
সেই অনুসৰি কালিলৈৰ পৰা গুৱাহাটী মহানগৰীত ১০০খনক চিটী বাছ চলিব। ৰাতিপুৱা ৬.৩০বজাৰ পৰা সন্ধিয়া ৫বজালৈ এই বাছ সেৱা চলিব। এ এচ টি চি সেৱাৰ অধীনত চলিব লগা এই বাছ সেৱাৰ টিকট সমূহ উপলদ্ধ হ’ব চ’লো এপচৰ জৰিয়তে। এই টিকট সমূহ অনলাইন পদ্ধতিৰে কৰা হ’ব লাগিব।কাইলৈৰ পৰা চলিব লগীয়া এই বাছসেৱাসমূহ আন্তঃজিলা আৰু আন্তঃচহৰ হিচাপে উপলদ্ধ হ’ব।
 
আনহাতে ৰেডবাছ প’ৰ্টেলৰ জৰিয়তে উপলদ্ধ হ’বলগীয়া এই বাছসেৱা সমূহ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উপলদ্ধ হ’ব। অফলাইনৰ জৰিয়তে কৰা টিকট সমূহ গ্ৰহণযোগ্য নহ’ব। মাস্কৰ অবিহনে যাত্ৰীসকলক অনুমতি প্ৰদান কৰা নহয়।
 
যাত্ৰী সকলে বাছত উঠাৰ সময়ত  যাত্ৰীসকলে গ্লোবচ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।থিয় হৈ বাছত ভ্ৰমণ কৰিব নোৱাৰিব।কেৱল ৫০শতাংশ চিটহে ভ্ৰমণৰ বাবে উপযুক্ত। বাকী ৫০শতাংশ খালী থাকিব।কোনো যাত্ৰীয়ে বাছৰ ভিতৰত তথা বাহিৰত পিকাব নোৱাৰিব।
 
কোনোধৰণৰ যুদ্ধংদেহী মনোভাৱ বা কথাবতৰা গ্ৰহণযোগ্য নহ’ব। নহ’লে ইয়াৰ বিৰূদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।অনলাইন পাছ নথকাকৈ কোনোধৰণৰ যাত্ৰীকে আহিবলৈ দিয়া নহ’ব। আগতীয়াকৈ বুকিং কৰা টিকট গ্ৰহণযোগ্য নহ’ব। কোনোধৰণৰ গাড়ীতে পশুধন কঢ়িয়াই আনিব নোৱাৰিব। সকলোধৰণৰ নিয়ম মানি চলাটো আৱশ্যকীয়।অন্যথা আইনমতে দোষণীয় হ’ব বুলি বিবৃতিৰ যোগে জানিবলৈ দিছে।
 

Leave A Reply

Your email address will not be published.