গুৱাহাটীৰ ভৱদা দেৱী মেমৰিয়েল হোমৰ উদ্যোগত পৰিচালিত কাহিলীপাৰাস্থিত “চেনেহ ” বৃদ্ধাবাসৰ আবাসীলৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানে সহায়ৰ হাত আগবঢ়াইছে । ২২ অক্টোবৰৰ বিয়লি ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অনিল কুমাৰৰ নেতৃত্বত এটা কেডেটৰ দল চেনেহ বৃদ্ধাবাসত উপস্থিত হৈ আবাসী সকলৰ মাজত খাদ্যকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী , এটা আলমাৰী প্ৰদান কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ভাগ লৈ এন চি চিৰ কেডেটৰ দলটোক উৎসাহিত কৰাৰ লগতে আবাসত থকা প্ৰায় ২৫ জনী আইতাৰ সৈতেও কুশল বার্তা বিনিময় কৰে আৰু তেওঁলোকক একো একোজন সমাজৰ পথ প্ৰদৰ্শক স্বৰূপ বুলি সদৰি কৰে । অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিযাৰ যোগেশ কুমাৰ তালুকদাৰে ভাগ লৈ পৰিবেশ – পৰিস্থিতিৰ বাবে বৃদ্ধাবাসত থাকিবলৈ বাধ্য হোৱা আবাসী সকলৰ সুস্বাস্থ্য কামনা কৰে আৰু আগন্তক দিনটো এনেদৰে এন চি চিৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে । অনুষ্ঠানত চেনেহ বৃদ্ধাবাসৰ ন্যাসৰক্ষী ক্ৰমে ডঃ পদ্মপানী মহন্ত , অভিযন্তা পৰেশ দেৱচৌধুৰী , উইং কমাণ্ডাৰ উমাকান্ত মহন্ত আৰু যুতিকা দেৱী উপস্থিত থাকে আৰু আবাসী সকলক সহায়ৰ হাত আগবঢ়োৱা বাবে বাহিনীটোৰ শলাগ লয় ।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ