গুৱাহাটীৰ ভৱদা দেৱী মেমৰিয়েল হোমৰ উদ্যোগত পৰিচালিত কাহিলীপাৰাস্থিত “চেনেহ ” বৃদ্ধাবাসৰ আবাসীলৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানে সহায়ৰ হাত আগবঢ়াইছে । ২২ অক্টোবৰৰ বিয়লি ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অনিল কুমাৰৰ নেতৃত্বত এটা কেডেটৰ দল চেনেহ বৃদ্ধাবাসত উপস্থিত হৈ আবাসী সকলৰ মাজত খাদ্যকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী , এটা আলমাৰী প্ৰদান কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ভাগ লৈ এন চি চিৰ কেডেটৰ দলটোক উৎসাহিত কৰাৰ লগতে আবাসত থকা প্ৰায় ২৫ জনী আইতাৰ সৈতেও কুশল বার্তা বিনিময় কৰে আৰু তেওঁলোকক একো একোজন সমাজৰ পথ প্ৰদৰ্শক স্বৰূপ বুলি সদৰি কৰে । অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিযাৰ যোগেশ কুমাৰ তালুকদাৰে ভাগ লৈ পৰিবেশ – পৰিস্থিতিৰ বাবে বৃদ্ধাবাসত থাকিবলৈ বাধ্য হোৱা আবাসী সকলৰ সুস্বাস্থ্য কামনা কৰে আৰু আগন্তক দিনটো এনেদৰে এন চি চিৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে । অনুষ্ঠানত চেনেহ বৃদ্ধাবাসৰ ন্যাসৰক্ষী ক্ৰমে ডঃ পদ্মপানী মহন্ত , অভিযন্তা পৰেশ দেৱচৌধুৰী , উইং কমাণ্ডাৰ উমাকান্ত মহন্ত আৰু যুতিকা দেৱী উপস্থিত থাকে আৰু আবাসী সকলক সহায়ৰ হাত আগবঢ়োৱা বাবে বাহিনীটোৰ শলাগ লয় ।
Trending
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী
- পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান
- বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়
- ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন