কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক

0 154

দ্বিতীয় বৰ্ষৰ প্ৰথম শস্য (ধান) কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় সন্দৰ্ভত আজি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়া অধিক সংহত তথা নিৰ্ধাৰণ কৰা লক্ষ্য পূৰণৰ দিশত সংশ্লিষ্ট সকলো পক্ষই যাতে সমন্বয়ৰে কাম কৰে তাৰ বাবে জিলা উপায়ুক্তই সংশ্লিষ্ট সকলো পক্ষকে আজিৰ বৈঠকত নিৰ্দেশ দিয়ে। ধান ক্ৰয় কেন্দ্ৰ সমূহৰ তত্বাৱধায়ক, ধান বনা কল সমূহৰ মালিক (Miller), ভাৰতীয় খাদ্য নিগমৰ প্ৰতিনিধি, খাদ্য আৰু অসামৰিক যোগান, কৃষি ইত্যাদি সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া সকলে জিলা উপায়ুক্তক এই ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰি থকা ব্যৱস্থাৱলী সম্পৰ্কত অৱগত কৰে। জিলা উপায়ুক্তই এই ক্ষেত্ৰত লবলগীয়া ব্যৱস্থাৱলী সমূহ ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে প্ৰতিনিধি বৰ্গক নিৰ্দেশ দিয়ে যাতে সঠিক সময়ত জিলাখনে নিৰ্ধাৰিত লক্ষ্যক উপনীত হ’ব পাৰে।আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত সুজতা গগৈ, মুনমী কলিতাকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে অংশ গ্ৰহণ কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.