গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ ( কে ভি কে ) , কামৰূপৰ উদ্যোগত বানপানীৰ পাছত লবলগীয়া ব্যৱস্থাপনাৰ অংশস্বৰূপে কামৰূপ জিলাৰ কমলপুৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত জালিমুৰা আৰু পিয়লিখাটাত ৩ জুলাইত এটা পশুধন স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় । বিশেষকৈ শেহতীয়া বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে চিহ্নিত জালিমুৰা আৰু পিয়লিখাটা গাঁৱত কে ভি কে আৰু কমলপুৰ খণ্ড পশুধন চিকিৎসালয়ৰ উদ্যোগত অনুষ্ঠিত শিবিৰত পিয়লিখাটা আৰু জালিমুৰা গাঁৱত ক্ৰমে ৩২১ টা পশুধন তথা ৯৬৬ টা হাঁহ-কুকুৰাৰ আৰু ২৫৫ টা পশুধন তথা ১২৪০ টা হাঁহ-কুকুৰাৰ চিকিৎসা প্ৰদান কৰা হয় আৰু লগতে ঔষধ আৰু পৰিপূৰক যোগান ধৰা হয়। শিৱিৰত ভালেসংখ্যক পশুধন বিষাক্ত পাৰ্থেনিয়ামৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। বানপানীৰ সময়চোৱাত ওখ অঞ্চলসমূহো জলমগ্ন হোৱাৰ পৰিপ্ৰেক্ষিতত পশুসমূহ গৰাকীৰ সৈতে অস্থায়ী আশ্ৰয় শিৱিৰত থাকিব লগা হয়। দানা আৰু খাদ্যৰ অভাৱত পশুসমূহে পাৰ্থেনিয়াম খোৱাৰ প্ৰভাৱ এই শিৱিৰত স্পষ্টভাৱে পৰিলক্ষিত হয়। ভৱিষ্যতে পাৰ্থেনিয়ামৰ ফলত হ’ব পৰা বিষক্ৰিয়াৰ পৰিত্ৰাণৰ বাবে পাৰ্থেনিয়াম সজাগতা সভাৰ আয়োজন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ পশু বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকা আৰু কমলপুৰ খণ্ড পশুপালন বিষয়া ড০ অনিল কুমাৰ চৌধুৰীয়ে পাৰ্থেনিয়ামৰ বিষক্ৰিয়া, লক্ষণ আৰু চিকিৎসাৰ ওপৰত আলোকপাত কৰে। শিবিৰত বিজেপিৰ কমলপুৰ মণ্ডলৰ সভাপতি কুমুদ কাকতিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।
Trending
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী