কোন কোন ঠাইৰ পৰা দেখা পাব ২১জুনৰ সূৰ্য্য গ্ৰহণ

0 258

অসম বিজ্ঞান সমিতি আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিভাগৰ অন্তৰ্গত বিজ্ঞান প্ৰচাৰে অহা ২১জুন তাৰিখে হ’বলগীয়া বলয় সূৰ্যগ্ৰহণ পৰ্যৱেক্ষণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে বিজ্ঞান প্ৰচাৰৰ তত্ত্বাৱধানত অসম বিজ্ঞান সমিতিয়ে ইয়াৰে দুশ সমল ব্যক্তিক প্ৰশিক্ষণ দিছে। অসম বিজ্ঞান সমিতিৰ তৰফৰ পৰা জনাইছে যে এইবাৰ বলয় গ্ৰহণৰ সময়ত উত্তৰ ভাৰতৰ ৰাজস্থান, পঞ্জাৱ, হিমাচল প্ৰদেশত এটা পটিৰ পৰা পূৰ্ণ বলয় দেখা যাব। অসমত ইয়াৰ ৭৪শতাংশৰ পৰা ৮৮শতাংশলৈ সূৰ্যটো ঢাক খাই খণ্ডগ্ৰাস হিচাপে দেখা যাব। উল্লেখযোগ্য যে ২১জুনৰ দিনা উত্তৰ গোলাৰ্দ্ধৰ আটাইতকৈ দীঘল দিন আৰু সৃৰ্যই ক্ৰমে উত্তৰৰ পৰা দক্ষিণ গোলাৰ্দ্ধলৈ গতি কৰিবলৈ আৰম্ভ কৰিব। এই সময়খিনিত খালী চকুৰে পৰ্যবেক্ষণ কৰিলে চকুৰ বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব।
 
 
অসমৰ শ্ৰী ৰামপুৰত ১০বাজি ৫১মিনিট ৩৭ছেকেণ্ডত গ্ৰহণ আৰম্ভ হ’ব। এই গ্ৰহণৰ পৰিমাণ হ’ব ৮০.৬৭শতাংশ। আনহাতে গুৱাহাটীত গ্ৰহণ আৰম্ভ হ’ব ১০বাজি ৫৭মিনিট ১৮ছেকেণ্ডত। গ্ৰহণৰ পৰিমাণ হ’ব ৮০.০৭শতাংশ। বিশ্বনাথ চাৰিআলিত গ্ৰহণ আৰম্ভ হ’ব ১১বাজি ১মিনিট ৪৭ছেকেণ্ডত। জোনাইত গ্ৰহণ আৰম্ভ হ’ব ১১বাজি ৮মিনিট ১৮ছেকেণ্ডত। ইয়াত গ্ৰহণৰ পৰিমাণ হ’ব ৮৭.৯৮শতাংশ। জাগুনত গ্ৰহণ আৰম্ভ হ’ব ১১বাজি ১০মিনিট ২৪ছেকেণ্ডত। হাইলাকান্দিত গ্ৰহণ আৰম্ভ হ’ব ১০বাজি ৫৯মিনিট ৫৪ছেকেণ্ডত। আনহাতে অসম বিজ্ঞান সমিতিয়ে ছাত্ৰ ছাত্ৰীকে ধৰি সকলো লোককে অন্ধবিশ্বাসৰ বশৱৰ্তী নহৈ বিজ্ঞান সন্মত ভাৱে সূৰ্যগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.