গানেৰে সজাগতা অনাৰ প্ৰয়াস কৰিছে এজন শিল্পীয়ে

0 259

সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ ফলত এই ভাইৰাছক ৰুধিবৰ বাবে ৰাজ্যৰ স্বাস্থ্যবিভাগে ইতিমধ্যে  বিভিন্ন মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ কৰি আহিছে। ইয়াৰ মাজতে যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান শিল্পীয়ে গীতৰ যোগেদি জনসাধাৰণক সজাগতা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
নিবাৰণ কৃষ্ণা নামৰ পাত্ৰপুৰ(সাহান)ৰ অতিশয় প্ৰতিভাৱান শিল্পীগৰাকীয়ে সজাগতা বৃদ্ধিৰ বাবে চহৰাঞ্চলৰ লগে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত তেখেতৰ নিজা ৰচনা আৰু সুৰৰে উলিয়াইছে আহিছে ক’ৰণা চাইনাৰে পৰা ভাৰত মহাদেশলৈ শীৰ্ষক এটি গীত।
 
এই গীতটোৱে চ’চিয়েল মিডিয়াত ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্বৰ্ণকন্যা হিমা দাসৰ নামত উলিওৱা আন দুটা গীতেও ৰাইজৰ মাজত এক বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.