তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰত ১৫ নৱেম্বৰত এখনি মানসিক স্বাস্থ্য সম্পৰ্কীয় কৰ্মশালাৰ অনুষ্ঠিত হয়। ‘অভিযান্ত্ৰিক ছাত্ৰৰ মানসিক স্বাস্থ্য আৰু মানসিক চাপ নিয়ন্ত্ৰণ’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ৰ সহকাৰী অধ্যাপক ড° ইন্দ্ৰজিৎ বেনাৰ্জী আৰু সহযোগী অধ্যাপকিকা ড° সোভনা এইচে । জি আই এম টি, তেজপুৰৰ সহকাৰী অধ্যাপিকা ড° স্তুতি চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে দুয়োগৰাকী সমলব্যক্তিকে সম্বৰ্ধনা জনায়। ইয়াৰ পিছত অধ্যাপিকা ড° সোভনাই মানসিক চাপ, ইয়াৰ কাৰণ আৰু নিৰাময়ৰ ওপৰত বিশদ বাখ্যা আগবঢ়ায়। অনুষ্ঠানৰ দ্বিতীয়াৰ্ধত ড° ইন্দ্ৰজিৎ বেনাৰ্জীয়ে মানসিক চাপ নিয়ন্ত্ৰণৰ কাৰণে শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ ইত্যাদিৰ অনুশীলন কৰায়। মনোগ্ৰাহী কৰ্মশালাখনিৰ শেষত সহকাৰী অধ্যাপক দীপাংকৰ শইকীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ