গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক নং ৱাৰ্ডস্থিত আৰু শতিকা পুৰণি পশ্চিম জালুকবাৰী খানামুখ খেলবাসীৰ খানামুখ ৰাজহুৱা নামঘৰটো সম্প্ৰতি ব্যৱহাৰৰ অনুপযোগী হোৱা বাবে খেলবাসীয়ে দান বৰঙনি আৰু শুভাকাংখী ব্যক্তিয়ে আগবঢ়োৱা ধনেৰে পুনঃ নিৰ্মাণ কৰি নতুন ৰূপ দিযাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে আজি পুৱা পশ্চিম জালুকবাৰী খানামুখ ৰাজহুৱা নামঘৰৰ পুনঃ নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় । উপস্থিত আয়তীৰ উৰুলি আৰু মাংগলিক কাৰ্যৰ মাজেৰে পুনঃ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে নামঘৰ পৰিচালনা কমিটিৰ মুখ্য সাধাৰণ সম্পাদক চন্দন কলিতাই আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় – অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি হল নামঘৰ সমূহ । এই নামঘৰ সমূহে অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ৰাইজৰ মাজত শান্তি, সম্প্ৰতি,একতাৰ ভাব বৃদ্ধি কৰি সমাজখনক শৃংখলিত কৰি ৰাখিছে । আনহাতে নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি তথা মহেশ্বৰী ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী নন্দ কিশোৰ মহেশ্বৰী , এছ টি ডি ব্ৰিকছৰ স্বত্বাধিকাৰী বিকি দাস ,খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া,উপ সভাপতি কমলা কলিতা , খানামুখ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্স কমিটিৰ সভাপতি কমলাকান্ত দাস ,সাধাৰণ সম্পাদক অমিয় কলিতা,খানামুখ কেহেৰুৱাৰী খেলৰ সভাপতি কনক চন্দ্ৰ বৈশ্য , জ্যেষ্ঠ নাগৰিক শাৰদা কলিতা , নামঘৰ নিৰ্মাণ কমিটিৰ সম্পাদক সনাতন বৰুৱাকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু পুৰুষ – মহিলা নিৰ্বিশেষে শতাধিক লোক উপস্থিত থাকে । উল্লেখযোগ্য যে নামঘৰৰ পুনঃ নিৰ্মাণৰ বাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা ২.৫০ লাখ টকা আগবঢ়াইছে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan