আমি প্ৰত্যকজনে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিলেহে দৃঢ়তাৰে কাম কৰিব পাৰো।দলগতভাৱে কাম কৰিলে বিশ্বজয় কৰিব পাৰি এই কথাষাৰ প্ৰধানমন্ত্ৰী মোডীয়েও কৈছে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা স্বেচ্ছাসেৱীসকলৰ লগত মত বিনিময়ৰ এক অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে এই মন্তব্য কৰে।খেলো ইণ্ডিয়া য়ুথ গেমছত বিশ্বৰ বিভিন্ন ঠাইৰ লোকৰ সমাগম হ’ব।আপোনালোকৰ কাম কাজে আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰিব।উল্লেখযোগ্য যে খেলো ইণ্ডিয়া য়ুথ গেমছ অহা ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব।১০০০ জন স্বেচ্ছাসেৱকে খেলো ইণ্ডিয়া গেমছত অতিথিক আদৰাৰ প্ৰস্তুতি চলাইছে।২০ টা ইভেণ্টত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছত ৬০০০ জন খেলুৱৈয়ে অংশগ্রহণ কৰিব।খেলো ইণ্ডিয়া গেমছৰ কাৰিকৰী প্ৰৱন্ধক আনন্দ প্ৰকাশ তিৱাৰীয়ে সমূহ স্বেচ্ছাসেৱীসকলক কৰ্তব্য আৰু দায়িত্ব সম্পর্কে প্ৰশিক্ষণ প্ৰদান কৰে।এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে কয় যে খেলো ইণ্ডিয়াৰ দৰে এটা অনুষ্ঠান আয়োজন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো।সকলোৰে সহযোগিতা কামনা কৰিছো।উল্লেখযোগ্য যে ১০ জানুৱাৰীত ৯০ মিনিটৰ বাবে উদ্বোধনী সমাৰোহ অনুষ্ঠিত হ’ব।আজিৰ অনুষ্ঠানত ডি জি পি ভাস্কৰজ্যোতি মহন্ত,এম অংগমথোকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan