শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া ক্ষেত্ৰত ৩ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ‘পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ’। গ্ৰন্থ উৎসৱ সফল কৰি তুলিবলৈ ইতিমধ্যে শিৱসাগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক সভাপতি, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তক কাৰ্যকৰী সভাপতি, শিৱসাগৰ কলেজৰ অৱসপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰকাশ কটকীক মুখ্য ব্যৱস্থাপক, সমীৰণ ফুকনক সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি সাহিত্যিক পদ্মনাথ বৰগোহাঁই সোৱৰণি মঞ্চত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকণ, বক্তৃতা প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হ’ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। আনহাতে গ্ৰন্থ উৎসৱৰ বাকৰিত প্ৰতিদিনেই অনুষ্ঠিত হ’ব লেখক-পাঠকৰ আড্ডা। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ লগতে অসমৰ বহুকেইটা আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত অংশগ্ৰহণ কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ