গণতন্ত্ৰ দিৱসৰ কিছু ইতিবাচক চিন্তাৰে

0 259

আজি গণতন্ত্ৰ দিৱস। সমগ্ৰ দেশে এই দিৱস উৎসৱৰ দৰে উদযাপন কৰে।কিয়নো আজি দিনটোতে দেশৰ সংবিধান গৃহিত হৈছিল।এই গণতন্ত্ৰ দিৱস দেশৰ ঐতিহ্য , অহিংস,স্বতন্ত্ৰতাৰ স্বাক্ষৰ বহন কৰে।এক কথাত ক’বলৈ গ’লে ২৬ জানুৱাৰী দিনটো ৰাষ্ট্ৰৰ বাবে এক গৌৰৱৰ দিন।
দেশৰ সংবিধানত সন্নিবিষ্ট সকলো প্ৰসংগ চৰকাৰে মানিবলৈ বদ্ধ পৰিকৰ ।উদাহৰণ স্বৰূপ সমতা আৰু ভাতৃত্ববোধৰ নিৰ্দশন দাঙি ধৰি ভাৰতে ভুটানৰ লগতে অন্য ৬ খন দেশলৈ মহামাৰী ক’ৰণাৰ ভেকচিন যোগান ধৰিছে।
ইয়াৰ উপৰিও দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰতীয় সেনাই যি সাহস, ধৈৰ্য শৌৰ্য প্ৰদৰ্শন কৰি দেশৰ মান অক্ষুন্ন ৰাখিছে সঁচাকৈয়ে শলাগিবলগীয়া।
শেহতীয়াকৈ হ’লেও স্বতন্ত্ৰ সেনানী অন্যতম নায়ক,ৰাজনীতিজ্ঞ সুভাষ চন্দ্ৰ বসুৰ জীৱন আদৰ্শ আৰু কাৰ্যপন্থাক চৰকাৰে মূল্যায়ন কৰি সন্মান প্ৰদৰ্শন কৰিলে। সেই মূল্যায়ন আজিৰ পৰা ৭০ বছৰৰ আগতে কৰা হ’লে এই প্ৰজন্মই যোদ্ধা গৰাকী উচিত সন্মান দিব পাৰিলেহেঁতেন।সেয়া যি কি নহওক দেশৰ বাবে এটা ভাল কাম হ’ল।সদৌ শেষত সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো।জয় হিন্দ।
সংগীতা শইকীয়া
সম্পাদক

Leave A Reply

Your email address will not be published.