গানেৰে গুৱাহাটীবাসীৰ হৃদয় জয় সুৰেশ ৱাডকৰৰ

0 333

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হুনাৰ হাটৰ অন্তিম দিনা সন্ধিয়া প্ৰখ্যাত নেপথ্য গায়ক সুৰেশ ৱাডকৰে সংগীতানুষ্ঠান পৰিবেশন কৰে। হাজাৰ-হাজাৰ লোকৰ উপস্থিতিত, সুৰেশ ৱাডকৰৰ সুৰৰ মায়াজালত শ্ৰোতা-দৰ্শক নিমজ্জিত হয়। হুনাৰ হাটৰ মঞ্চৰপৰা তেওঁৰ চিৰসেউজ গীতসমূহ পৰিবেশনেৰে গুৱাহাটীৰ জনসাধাৰণৰ হৃদয় জয় কৰে।

সুৰেশ ৱাডকৰে “মে হুঁ প্ৰেম ৰোগী” গীতটোৰ জৰিয়তে এক সুন্দৰ আত্মপ্ৰকাশেৰে পৰৱৰ্তী সময়ত “লগী আজি সৱান কি ফিৰ ৱো ঝোৰী হ্যে”, “এ জিন্দেগী গেল লগা লে”, “ৰাম তেৰি গঙ্গা মেলী হো গয়ী”, “মেঘা ৰে মেঘা ৰে”, “অউৰ ইছ দিল মে কিয়া ৰখা হ্যে” আদি চুপাৰহিট গীতেৰে বিমুগ্ধ কৰে। তেওঁ শেষত “চপ্পা চপ্পা চৰ্খা চলে” আৰু “চপন’ মে মিলতী হ্যে” গাই জনতাক আহ্লাদিত কৰে। ৱাডকৰে কেৱল তেওঁৰ চিৰসেউজ গীতসমূহেই নহয়, তেওঁৰ দিগ্গজ কিশোৰ কুমাৰ, মহম্মদ ৰফি আৰু মুকেশৰ গানো গাইছিল আৰু এইদৰে শিল্পীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হুনাৰ হাটলৈ পত্নী আৰু শাস্ত্ৰীয় গায়িকা পদ্ম ৱাডকৰৰ সৈতে অহা সুৰেশ ৱাডকৰে একেলগে মঞ্চত কেইবাটাও গীত পৰিবেশন কৰে। পত্নী পদ্মৰ সৈতে, তেওঁ “লগ জা গলে” গীতটোৰ জৰিয়তে লতা মংগেশকাৰলৈ শ্ৰদ্ধা নিবেদন কৰে। দুয়োজনৰে যুগলবন্দী অতি সুমধুৰ আৰু চমকপ্ৰদ আছিল।

Leave A Reply

Your email address will not be published.