গীনিজ ৰেকৰ্ডৰ লক্ষ্যৰে বিহু পৰিবেশনৰ জাতিৰ গৌৰৱময় সময়ত সকলোকে পথ-সুৰক্ষা বজাই ৰখাৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

0 216

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৪ এপ্ৰিলত প্ৰায় এঘাৰ হাজাৰ নাচনী, ঢুলীয়াই একেলগে বিহু পৰিবেশন কৰি গীনিজ ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ সকলো জিলাৰ পৰা মহানগৰীত আহি সমবেত হৈছেহি কেইবাহাজাৰ বিহু দল ৷ বিভিন্ন হোটেল, গেষ্টহাউচৰ পৰা নাচনী-ঢুলীয়াৰ দল আহি সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন আৰম্ভ কৰিছে ৷বিহুদল কঢ়িওৱা বাছসমূহ ক’ত কেনেকৈ ৰাখিব তাৰবাবে পৰিবহণ বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত বিহুৱা, বিহুৱতীৰ দলসমূহ অনা নিয়া কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সংলগ্ন কোনো পথতে যানজঁট সৃষ্টি নকৰাকৈ সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সকলোধৰণৰ যান-বাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনাইছে ৷ ইফালে ৰঙালী বিহুৰ ৰং ৰহইছত মতলীয়া হৈ কোনোৱে যাতে যানবাহন আইন অৱমাননা নকৰে তাৰ প্ৰতিও অতি বিনয়েৰে আহ্বান জনাইছে ৷ তেওঁ কয় যে বহাগ অসমীয়া জাতিৰ আয়ুসৰেখা । অসমীয়াৰ হাড়ে হিমজুৰে বহাগৰ আনন্দ, আবেগ বিলীন হৈ আছে ৷ কিন্তু উৎসৱৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে নিজৰ লগতে আনলৈও দুৰ্যোগ-দুৰ্ঘটনা মাতি নানে ৷ ৰঙালীৰ আনন্দময় এই পৰিবেশত যানবাহন চলোৱাৰ সময়ত মানিচলিবলগীয়া কেইটামান নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে কয় যে, দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰক, সুৰাপান কৰি, তীব্ৰ বেগত গাড়ী নচলাব আৰু ম’বাইলত কথা পাতি অন্যমনস্ক হৈ গাড়ী চলোৱাৰ পৰা বিৰত থাকক ৷ উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে বিহু পৰিবেশনেৰে গীনিজ ৰেকৰ্ড কৰিবলৈ আগবঢ়া অসমীয়া জাতিৰ বাবে এই গৌৰৱময় সময়ত সহকাৰী পৰিবহণ আয়ুক্তগৰাকীৰ এই আহ্বান মানি চলি মহানগৰবাসীয়ে নিশ্চয় পথসুৰক্ষাৰ ক্ষেত্ৰতো নজিৰ দেখুৱাব ৷

Leave A Reply

Your email address will not be published.