গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ আগবঢ়োৱা হ’ল দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৱে সুন্দৰ পিচাইক প্ৰদান কৰে এই সন্মান।মাদুৰাইৰ পৰা মাউন্ট ভিউলৈ সুন্দৰ পিছাইৰ যি যাত্ৰা,সেই যাত্ৰা যেন সুন্দৰ পিছাইৰ ব্যক্তিগত যাত্ৰা নহয়।এই যাত্ৰাই সময়ে সময়ে শক্তিশালী কৰি আহিছে ভাৰত আমেৰিকাৰ মাজৰ অৰ্থনৈতিক,তথ্য-প্ৰযুক্তি বিদ্যাৰ সমন্বয়ৰ জৰীডাল।ইয়াৰ ওপৰিও ভাৰতীয় নৱ -প্ৰজন্মৰ প্ৰতিভাক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিয়াটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সুন্দৰ পিছায়ে।উল্লেখ্য যে দেশৰ ৭৩ তম গণৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু তাৰ পাছত চলিত বৰ্ষৰে ২ ডিছেম্বৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান ।এই সন্মান গ্ৰহণ কৰি সুন্দৰ পিছায়ে মন্তব্য প্ৰকাশ কৰে যে ভাৰতবৰ্ষ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ প্ৰতি মূহুৰ্তত তেখেত ভাৰতবাসীক কঢ়িয়াই ফুৰিব নিজৰ অন্তৰত। ইয়াৰ ওপৰিও এনে এক সন্মানৰ বাবে তেখেত ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ বুলিও ভাষ্য প্ৰদান কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী