গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ ২০২৫ চনৰ জুলাই ২ তাৰিখৰ পৰা জুলাই ৪ তাৰিখলৈকে গুৱাহাটীৰ ড° জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্স, সৰুসজাইত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতা অসম সাঁতোৰ সংস্থাৰ উদ্যোগত আৰু অল কামৰূপ সাঁতোৰ সন্থাৰ সহযোগত আয়োজিত কৰা হৈছে।
অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া অনুসাৰে, এইবাৰ ৰাজ্যৰ ৪৩২ গৰাকী সাঁতোৰ খেলুৱৈয়ে এই আন্তঃজিলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব। অল কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ লগতে জানিবলৈ দিয়ে যে প্ৰতিযোগিতাৰ প্ৰতি ইভেণ্ট FINA-ৰ (আন্তঃৰাষ্ট্ৰীয় এক্ৱাটিক ক্ৰীড়া নিয়ন্ত্ৰণ সংস্থা) নিয়ম অনুসৰি সম্পন্ন কৰা হ’ব।
সাঁতোৰৰ উপৰিও, এই চেম্পিয়নশ্বিপত ডাইভিং আৰু ৱাটাৰ প’ল’ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। অনুষ্ঠানটো ২ জুলাইৰ পুৱা আৰম্ভ হৈ ৪ জুলাইৰ সন্ধিয়া সম্পন্ন হ’ব।অংশগ্ৰহণকাৰীসকলৰ যিকোনো তথ্য বা সহায়ৰ বাবে অসম সাঁতোৰ সন্থাৰ চন্দন জ্যোতি ফুকন সৈতে ৭০০২০ ৬৫৭৫৪ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিৰ তৰফৰপৰা জনাইছে।